--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মুম্বাইৰ পঞ্চমগৰাকী বলাৰ হিচাপে ৰঞ্জি ট্রফীত হেটত্রিক অৰ্জনৰ কৃতিত্ব অৰ্জন কৰিলে ছাৰ্দুল ঠাকুৰে। মেঘালয়ৰ বিৰুদ্ধে ৰঞ্জি ট্রফীৰ এলিট গ্রুপ 'এ'ৰ খেলখনৰ প্ৰথম দিনা ছাৰ্দুলে হেটত্রিকসহ দখল কৰা ৪টা উইকেটৰ সহায়ত মুম্বায়ে প্রথম দিনাই চালকৰ আসনত বহিছে। 

ছাৰ্দুলে দাঙি ধৰা দুৰন্ত প্ৰদৰ্শনেৰে প্ৰথমে বেট ধৰা মেঘালয়ক প্রথম ইনিংছত মাথোঁ ৮৬ ৰানতে সীমিত ৰাখে মুম্বায়ে। পৰৱৰ্তী সময়ত মুম্বায়ে প্রথম ইনিংছ আৰম্ভ কৰি দুটা উইকেট হেৰুৱাই সংগ্ৰহ কৰে ২১৩ ৰান। দিনান্তত সিদ্ধেশ লাড ৮৯ আৰু আজিংক্য ৰাহানেই ৮৩ ৰানত বেট ধৰি থাকে। ইফালে, বেংগালুৰুত অনুষ্ঠিত গ্রুপ 'চি'ৰ খেলখনত হাৰিয়ানাৰ বিৰুদ্ধে প্রথম দিনা কর্ণাটকে প্রথম ইনিংছত সংগ্ৰহ কৰে ৫ উইকেটত ২৬৭ ৰান। ২০২০ চনৰ ফেব্ৰুৱাৰীত শেষবাৰলৈ ঘৰুৱা প্ৰতিযোগিতাখনত খেলা ৰাহুল তিনি নম্বৰত বেট ধৰিবলৈ আহি ৩৭টা বলত ২৬ ৰান কৰি আউট হয়। 

আনহাতে, দিল্লীৰ অৰুণ জেটলি ষ্টেডিয়ামত দীর্ঘ ১২ বছৰৰ বিৰতিত তাৰকা বেটাৰ বিৰাট কোহলীয়ে ৰঞ্জি ট্ৰফীৰ খেলত নামে।ৰে'লৱেই ২৪১ ৰানত প্ৰথম ইনিংছ সামৰাৰ পাছত দিল্লীয়ে প্ৰথম দিনৰ সামৰণিৰ পৰলৈকে খেলি এটা উইকেট হেৰুৱাই ৪১ ৰান কৰিছে। দিল্লী তেনেদৰেই ২০০ ৰানত পিছ পৰি আছে।

উৎসঃ দৈনিক জনমভূমি
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?