--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভৰতৰ সংবিধানত ভাৰতৰ নাগৰিক সকলৰ বাবে ব্যক্তিগত আইন প্ৰণয়ন আৰু কাৰ্যকৰী কৰাৰ এক ব্যৱস্থা  হৈছে ইউনিফৰ্ম চিভিল কোড৷ ভাৰতীয় সংবিধানৰ চতুৰ্থ খণ্ডৰ ৪৪ নং অনুচ্ছেদত ‘ইউনিফৰ্ম চিভিল কোড’ সম্পৰ্কে স্পষ্টভাৱে উল্লেখ কৰা হৈছে।মুখ্যত হিন্দু আৰু মুছলমান নাগৰিকৰ বাবে ব্ৰিটিছৰ দিনতে প্ৰথমে ইউনিফৰ্ম চিভিল কোড প্ৰণয়ন কৰা হৈছিল৷ অতি শীঘ্ৰেই অসমতো প্ৰণয়ন হ’ব ‘ইউনিফৰ্ম চিভিল কোড’৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে চলিত বিধানসভা অধিবেশনত এই সন্দৰ্ভত সদৰি কৰিছে সবিশেষ৷

মুছলমান সকলৰ পৰম্পৰাগত বিবাহ আইন বাতিলৰ বাবে অসম বিধানসভাত উত্থাপন কৰা হৈছে ‘ইউনিফৰ্ম চিভিল কোড’৷ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সম্পৰ্কে সদনত কয় যে বাল্যবিবাহ বিলুপ্ত কৰাৰ লগতে মুছলমান সকলৰ পৰম্পৰাগত বিবাহ আইন বাতিল কৰি ‘কাজী’ ব্যৱস্থাৰ অন্ত পেলাই, ধৰ্মগুৰুসকলে মুছলমান বিবাহ পঞ্জীয়ন পৰিবৰ্তে চৰকাৰে নিজা ব্যৱস্থাৰ অধীনত বিবাহ পঞ্জীয়ন কৰৰা ব্যৱস্থা কৰিছে৷ অসমৰ মুছলমান সকলৰ বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন আইন ১৯৩৫ সমাপ্তি ঘটাই  the Assam Repealing Ordinance 2024 অনা হৈছে৷

অসমৰ বিজেপি নেতৃত্বাধীন চৰকাৰে বাল্যবিবাহ বিলুপ্ত কৰাৰ লগতে মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদৰ ধৰ্মীয় আইনৰ পৰিবৰ্তে    ​​চৰকাৰৰ পঞ্জীয়ন ব্যৱস্থাৰ অধীনলৈ অনাৰ প্ৰয়োজনীয়তাৰ সম্পৰ্কে সদৰি কৰি এই পৰিৱৰ্তন আনিব বিচাৰিছে বুলি জানিবলৈ দিছে৷ উল্লেখযোগ্য যে ব্ৰিটিছৰ সময়ত প্ৰণয়ন হোৱা আইন অনুসৰি নিৰ্দিষ্ট চৰ্তত নাবালিকাৰ সৈতে বিবাহ পঞ্জীয়নকৰা হৈছিল।মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ বিধেয়ক ২০২৪ ৰ জড়িয়তে বাল্যবিবাহৰ পঞ্জীয়ন নিষিদ্ধ কৰাৰ লগতে সকলো বিবাহৰ চৰকাৰী পঞ্জীয়ন হোৱাটো নিশ্চিত কৰিব৷

নতুন অইন সন্দৰ্ভত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী যোগেন মহনে মত প্ৰকাশ কৰি কয় যে ‘বৰ্তমান প্ৰচলিত আইনখনত বাধ্যতামূলক পঞ্জীয়ন আৰু অনানুষ্ঠানিক পঞ্জীয়ন ব্যৱস্থাৰ অভাৱ আদিৰ দৰে ঋণাত্মক দিশ আছে৷ লগতে তেওঁ কয় যে নতুন বিধেয়কখনৰ লক্ষ্য হৈছে বাল্যবিবাহ, সন্মতি অবিহনে বিবাহ, বহুবিবাহ আদি নিৰ্মূল কৰাৰ লগতে নাৰীৰ অধিকাৰ সুৰক্ষিত কৰা তথা বিবাহৰ প্ৰতিষ্ঠানক শক্তিশালী কৰা।’

এই পদক্ষেপক মুছলমানৰ বিৰুদ্ধে বৈষম্যমূলক আৰু ভোটাৰক মেৰুকৰণ কৰাৰ প্ৰয়াস বুলি অভিহিত কৰিছ সমালোচনা কৰিছে বিৰোধী দলসমূহে। বিৰোধীৰ সমালোচনাৰ স্বত্বেও শাসক পক্ষ নিজৰ স্থিতিত অতল থাকি কয় যে বাল্যবিবাহৰ অন্ত পেলোৱা আৰু বিবাহ আৰু বিবাহ বিচ্ছেদৰ পঞ্জীয়ন সকলোৰে বাবে একে আৰু নিয়ন্ত্ৰিত ব্যৱস্থা বাহাল কৰাৰ উদ্দেশ্যে বিধেয়ক অনা হৈছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?