--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বতৰ বিজ্ঞান বিভাগে মঙলবাৰে দক্ষিণ পশ্চিম বংগৰ একাংশ অঞ্চলত দুৰ্গা পূজাৰ সময়ত ধাৰাসাৰ বৰষুণৰ ভৱিষ্যদ্বাণী কৰিছে। এই উৎসৱৰ সময়ত কলকাতাৰ একাংশ অঞ্চলত আংশিক ডাৱৰ আৰু ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি বিজয়া দশমীলৈকে উত্তৰ-পশ্চিম বংগৰ কিছুমান অঞ্চলত লঘুৰ পৰা মধ্যমীয়া বৰষুণৰ সম্ভাৱনা আছে।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে সোমবাৰে কেৰালাৰ ৪ খন জিলাত কমলা সতৰ্কতা আৰু ৯ খন জিলাত হালধীয়া সতৰ্কতা জাৰি কৰে। বৰ্তমান ৰাজ্যত মধ্যমীয়া বৰষুণ হৈছে। পাথানামথিত্তা, কোট্টায়াম, ইডুক্কি, আৰু মালাপ্পুৰম জিলাৰ বাবে কমলা ৰঙৰ সতৰ্কবাণী জাৰি কৰা হৈছে, অৰ্থাৎ এই জিলাসমূহত ৬ৰ পৰা ২০ চে.মি. ধাৰাসাৰ বৰষুন হ’ব পাৰে ৷ ইয়াৰ উপৰিও কাছাৰাগোডৰ বাহিৰে বাকী জিলাসমূহৰ বাবে হালধীয়া সতৰ্কতা জাৰি কৰা হৈছে, অৰ্থাৎ এই অঞ্চলসমূহত ৬ৰ পৰা ১১ চে.মি. বৰষুণ হ’ব পাৰে। বতৰ বিজ্ঞান বিভাগে লগতে কয় যে অহা ৮ৰ পৰা ১১ অক্টোবৰৰ ভিতৰত কেৰেলা-লক্ষদ্বীপ উপকূলত মাছ ধৰাত নিষেধাজ্ঞা আৰোপ কৰা হ’ব।


একে সময়তে ৰাজস্থানত আগন্তুক দুদিনত কিছু অংশত লঘু বৰষুণৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান কেন্দ্ৰ জয়পুৰে কয় যে ৰাজ্যৰ অধিকাংশ অঞ্চলৰ বতৰ মূলতঃ শুকান হ’ব। কিন্তু ৮ আৰু ৯ অক্টোবৰত উত্তৰ-পশ্চিম আৰু উত্তৰ ৰাজস্থানৰ কিছু অংশত সামান্য বৰষুণৰ সম্ভাৱনা আছে।

৮ অক্টোবৰত কেৰালাৰ ওপৰত প্ৰচণ্ডৰ পৰা অতি প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা অতি বেছি, আৰু লক্ষদ্বীপ, তামিলনাডু, দক্ষিণ অভ্যন্তৰীণ কৰ্ণাটক, উপকূলীয় কৰ্ণাটক, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, অসম, আৰু মেঘালয়ৰ ওপৰতো প্ৰচণ্ড বৰষুণ হ’ব পাৰে ৷  অহা ৯ অক্টোবৰৰ পৰা ১৩ অক্টোবৰলৈ এই ৰাজ্যসমূহত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে ৷
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?