--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : অসমীয়া চলচ্চিত্ৰ জগতৰ এক উজ্জ্বল নক্ষত্ৰ মুনিন বৰুৱা, যাক সকলোৱে মৰমতে মাতিছিল ‘ভাইমন দা’ বুলি ৷ তেখেতৰ কৰ্মৰাজি, জীৱনশৈলী তথা ৯০ বছৰীয়া ঐতিহ্যমণ্ডিত অসমীয়া চিনেমাক গৌৰৱেৰে উদযাপন কৰাৰ উদ্দেশ্যৰে জিল ক্ৰিয়েশ্যনছ (Zeal Creations)ৰ বেনাৰত নিৰ্মাণ কৰা হৈছে ছবিখন ৷ উল্লেখযোগ্য যে “বোৱাৰী” ছবিখনৰ যোগেদি এগৰাকী চিত্ৰনাট্যকাৰ হিচাবে পৰিচিতি লাভ কৰা কৰা মুনিন বৰুৱাৰ কৰ্মৰাজিৰ জৰিয়তে অসমীয়া চলচ্চিত্ৰ জগতখনৰ নানান দিশ ছবিখনত উপস্থাপন কৰা হৈছে৷

এই ছবিখন ২০২৫ চনৰ ৭ অক্টোবৰত মুক্তি লাভ কৰিব। ৯০ বছৰীয়া ঐতিহ্যমণ্ডিত অসমীয়া চিনেমাক সগৌৰৱেৰে উদযাপন  কৰাৰ বাবে  Zeal Creation ৰ বেনাৰত মুক্তিৰ বাবে সাজু হৈ উঠিছে "ভাইমন দা-A Tribute to Assamese Cinema"।


সোমবাৰে গুৱাহাটীৰ কাহিলীপাৰাৰ জ্যোতি চিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত ‘জিল ক্ৰিয়েশ্যনছ’ ৰ বেনাৰত ৯০ বছৰীয়া ঐতিহ্যমণ্ডিত অসমীয়া চিনেমাক গৌৰৱৰে উদযাপন কৰাৰ হেঁপাহেৰে মুনিন বৰুৱাৰ বৰ্ণিল জীৱন যাত্ৰাক আধাৰ হিচাপে লৈ নিৰ্মিত অসমীয়া ছবি ‘ভাইমন দা-এ ট্ৰিবিউট টু আছামিজ চিনেমা’ ৰ পোষ্টাৰ আৰু প্ৰথমটো গীতৰ অ’ডিঅ’-ভিডিঅ’ মুকলি কৰা হয় ৷ লগতে উক্ত অনুষ্ঠানত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই ১৯৩৫ চনৰে পৰা আৰম্ভ কৰা আৰু বৰ্তমানলৈকে চলি থকা অসমীয়া চিনেমাৰ গৌৰৱোজ্জ্বল ৯০বছৰীয়া ইতিহাস উদযাপনৰ উদ্দেশ্যৰে 'জ্যোতি জয়ন্তী' শীৰ্ষক নামকৰণ কৰা এটি বিশেষ ল’গ’ মুকলি কৰা হয় । ভাইমন দা ছবিখনৰ জৰিয়তে অসমীয়া চলচ্চিত্ৰ জগতখনে সেই সময়ছোৱাত সন্মুখীন হোৱা বিভিন্ন উত্থান-পতন, ঘাত-প্ৰতিঘাত তথা ছবিগৃহত হিন্দী চিনেমাৰ পয়োভৰৰ পিছত অসমীয়া চলচ্চিত্ৰই কেনেদৰে সপ্তাহজোৰা প্ৰদৰ্শনী লাভ কৰিছিল তাৰ আঁৰৰ সংঘৰ্ষৰ বিষয়ে চিত্ৰিত কৰা হৈছে ৷


আহি আছে নতুন অসমীয়া ছবি "ভাইমন দা"।  মুনিন বৰুৱা দেৱৰ জীৱনক আধাৰ হিচাপে লৈ "ভাইমন দা" নামৰ অসমীয়া ছবিখন নিৰ্মিত।  গৰিমা শইকীয়া গাৰ্গে ছ'চিয়েল মিডিয়াত এই সন্দৰ্ভত কেইবাটাও পোষ্ট কৰিছে।

ছবিখনৰ পৰিচালনা শশাংক সমীৰ আৰু সংগীত জুবিন গাৰ্গৰ। লগতে প্ৰযোজনা কৰিছে শ্যামন্তক গৌতমে। নতুন- পুৰণি প্ৰায় ৩৬০ গৰাকীৰো অধিক শিল্পী দেখিবলৈ পোৱা যাব এই ছবিখনত। ছবিখনৰ প্ৰথমটি গীত ‘বীয়েৰ ব্ৰেণ্ডি হুইস্কী’ শীৰ্ষক গীতটি সোমবাৰে মুক্তি লাভ কৰে। শীৰ্ষক গীতটিত কণ্ঠদান কৰিছে প্ৰবীণ বৰাই, মুনিন বৰুৱা আৰু শশাংক সমীৰৰ লিখনি আৰু সংগীত প্ৰযোজক পৰাণ বৰকাকটী। ইউটিউবত এই গীতটি উপলব্ধ।

ছবিখনৰ বীয়েৰ ব্ৰেণ্ডি হুইস্কী শীৰ্ষক গীতটি ৭ অক্টোবৰত মুক্তি লাভ কৰে। ছবি সন্দৰ্ভত গৰিমা শইকীয়া গাৰ্গে লিখে যে- শ্ৰদ্ধাৰ মুনিন বৰুৱা দেৱ( ভাইমন দা)ৰ জীৱনক আধাৰ হিচাবে লৈ নিৰ্মিত এই ছবিখনে বহন কৰিব অসমীয়া চিনেমাৰ কেইবাদশকৰ বৰ্ণিল যাত্ৰা । এই ছবিখনৰ জৰিয়তেই আমি উদযাপন কৰিব বিচাৰিছো ৯০ বছৰীয়া আমাৰ চিনেমাৰ দীৰ্ঘদিনীয়া সফল পৰিক্ৰমা ।

ছবিখনৰ সন্দৰ্ভত গৰিমা শইকীয়া গাৰ্গে লিখে যে- শ্ৰদ্ধাৰ মুনিন বৰুৱা দেৱ( ভাইমন দা)ৰ জীৱনক আধাৰ হিচাবে লৈ নিৰ্মিত এই ছবিখনে বহন কৰিব অসমীয়া চিনেমাৰ কেইবাদশকৰ বৰ্ণিল যাত্ৰা । এই ছবিখনৰ জৰিয়তেই আমি উদযাপন কৰিব বিচাৰিছো ৯০ বছৰীয়া আমাৰ চিনেমাৰ দীৰ্ঘদিনীয়া সফল পৰিক্ৰমা ।’

এই ছবিখন ২০২৫ চনৰ ৭ ফেব্ৰুৱাৰীত মুক্তি লাভ কৰিব।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?