--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: চীনে তিব্বতত ব্ৰহ্মপুত্ৰৰ ওপৰত বিশ্বৰ সৰ্ববৃহৎ নদীবান্ধটো নিৰ্মাণ কৰিবলৈ লোৱা সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰি  সংসদত সৰৱ হয় দৰং-ওদালগুৰিৰ সাংসদ তথা অসম প্রদেশ বিজেপিৰ সভাপতি দিলীপ শইকীয়া। লোক সভাৰ শূন্যকালত বিষয়টো উত্থাপন কৰি শইকীয়াই কয়, 'চীনৰ এই বান্ধে অসম তথা উত্তৰ-পূবত বিৰূপ প্ৰভাৱ পেলাব। ক্ষতি হ'ব অঞ্চলটোৰ সভ্যতা, সংস্কৃতি আৰু পৰিৱেশৰ।' ব্রহ্মপুত্র নদী তিব্বতত উৎপত্তি হৈ চীন, অৰুণাচল প্রদেশ আৰু অসমৰ মাজেৰে বাংলাদেশলৈ বৈ যোৱাৰ কথা ব্যক্ত কৰি তেওঁ লগতে কয় যে চীনত এই নদীখনক য়াৰলুং জংবো বুলি কোৱা হয়। 

আনহাতে, ব্রহ্মপুত্র নদীত নির্মাণ হ'বলগীয়া এই বান্ধটো তিব্বতৰ মালভূমিৰ পূব প্ৰান্তত থকা হিমালয়ৰ বিশাল উপত্যকাত নিৰ্মাণ কৰা হ'ব, যিটো অৰুণাচল প্ৰদেশৰ সীমান্তৰ নিচেই ওচৰত আৰু এই অঞ্চলটো ৰিং অব্ ফায়াৰ জ'নত পৰে। এনে পৰিস্থিতিত এই স্থানত ইমান বৃহৎ বান্ধ নিৰ্মাণকাৰ্য পৰিৱেশ আৰু স্থানীয় জনগোষ্ঠীৰ বাবে এক বৃহৎ ভাবুকি। ইফালে বান্ধ নিৰ্মাণ কৰিব লগীয়া অঞ্চলটোত সঘনাই ভূমিকম্প হৈ থাকে বুলি উল্লেখ কৰি শইকীয়াই লগতে কয় যে এনে পৰিস্থিতিত উক্ত বান্ধটো নিৰ্মাণ কৰিলে পৰিৱেশ তন্ত্ৰৰ ওপৰত ভীষণ হেঁচা পৰিব, যাৰ ফলত বহু দুর্ঘটনা সংঘটিত হ'ব পাৰে। উত্তৰ-পূব ভাৰতৰ ৰাজ্যসমূহ আৰু বাংলাদেশ ইতিমধ্যে ভয়াৱহ বানপানীৰ সন্মুখীন হৈ আহিছে। বৃহৎ নদীবান্ধটোৰ ফলত হ'বলগীয়া জলবায়ু পৰিৱৰ্তনৰ বাবে নামনি অঞ্চলৰ ৰাইজ ভূমিস্খলন, ভূমিকম্প আৰু বানপানীৰ দৰে সমস্যাৰ অধিক প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব। 

প্রণিধানযোগ্য যে চীনে নির্মাণ কৰিবলগীয়া বান্ধটো সম্পূৰ্ণ হ'লে বিশ্বৰ ভিতৰতে বৃহত্তম নদীবান্ধ হিচাপে পৰিগণিত হ'ব। ২০২৩ চনৰ এক প্রতিবেদন অনুসৰি এই বান্ধটোৰ জৰিয়তে চীনে প্রতিবছৰে ৩০০ বিলিয়ন কিল'ৱাট আৱাৰৰো অধিক বিদ্যুৎ উৎপাদন কৰিবলৈ সক্ষম হ'ব। সাংসদ শইকীয়াই স্পষ্টভাৱে কয় যে চীনে প্রায় ১৩৭ বিলিয়ন ডলাৰ ব্যয় কৰি এই বান্ধটো নির্মাণ কৰিবলৈ ওলাইছে। এই বান্ধৰ জৰিয়তে বৃহৎ পৰিমাণৰ পানী জমা কৰিব পৰা যাব। অৱধাৰিতভাৱেই নদীবান্ধ নিৰ্মাণৰ পাছত নদীখনৰ সোঁতৰ ওপৰত চীনৰ নিয়ন্ত্ৰণ থাকিব। ইয়াৰ ফলত ভৱিষ্যতে উত্তৰ-পূব ভাৰতত পানীৰ অভাৱ বা বানপানীৰ সংকটে সদায় দেখা দিব। ইয়াৰ সমানে সমানে অৰুণাচল প্ৰদেশৰ সীমান্তত চীনৰ প্ৰভাৱো বৃদ্ধি পাব। অসম তথা উত্তৰ-পূৰ্বাঞ্চললৈ ভাবুকি কঢ়িয়াই অনা এই বিষয়টো চীনৰ সৈতে দ্বিপাক্ষিক আলোচনা কৰিবলৈ দাবী জনাই শইকীয়াই অসম তথা উত্তৰ-পূবৰ ভৱিষ্যৎ সুৰক্ষিত কৰাৰ স্বাৰ্থত এতিয়াই প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনায়।

উৎস: দৈনিক জনমভূমি
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?