--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক ভয়ংকৰ পথ দুৰ্ঘটনাত কৰুণ মৃত্যুক সাবটিলে কেইবাজনো লোকে। দ’ খাৱৈত বাগৰি পৰে এখন যাত্ৰীবাহী বাছ। যাৰ ফলত বৰ্তমান সময়লৈকে ৫৫ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। আহত হৈছে কেইবাজনো লোক। এই অঘটন ঘটিছে মধ্য আমেৰিকাৰ দেশ গুৱেটামালাত। সোমবাৰে হোৱা এই শোকাবহ পথ দুৰ্ঘটনাই সমগ্ৰ দেশখনত শোকৰ ছাঁ পেলাইছে। এতিয়াও বাছখনৰ চাৰিওফালে পৰি আছে কেইবাটাও মৃতদেহ। গতিকে পৰৱৰ্তী সময়ত বৃদ্ধি পাব পাৰে মৃতলোকৰ সংখ্যা। 

বাছখনে গাৰ্ডৰেলৰ সৈতে খুন্দা খাই খাৱৈত বাগৰি পৰে। এই দুৰ্ঘটনাটো লেটিন আমেৰিকাৰ অন্যতম ভয়াৱহ পথ দুৰ্ঘটনা বুলি গণ্য কৰা হৈছে। বাছখনত ৭০ জনতকৈ অধিক যাত্ৰী আছিল।

গুৱেটামালাৰ পৌৰ অগ্নিনিৰ্বাপক বাহিনীয়ে জনোৱা মতে, এতিয়ালৈকে বাছখনৰ ধ্বংসাৱশেষৰ পৰা শিশু, মহিলাসহ ৫৫জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। উদ্ধাৰ অভিযানত জড়িত স্বেচ্ছাসেৱী অগ্নিনিৰ্বাপক গোটৰ মুখপাত্ৰ ভিক্টৰ গোমেজে নিশ্চিত কৰে যে সকলো মৃতদেহ অস্থায়ী মৰ্গত ৰখা হৈছে। এই ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পোৱা ১০ জন আহত লোককো উদ্ধাৰ কৰিছে উদ্ধাৰ কৰ্মীয়ে।

গুৱেটামালাৰ ৰাষ্ট্ৰপতি বাৰ্নাৰ্ডো আৰেভালোৱে এই দুৰ্ঘটনাত গভীৰ দুখ প্ৰকাশ কৰি দেশখনত ৰাষ্ট্ৰীয় শোক ঘোষণা কৰিছে। গুৱেটামালাৰ বাবে এই দিনটো কঠিন দিন বুলিও তেওঁ কয়।

অগ্নিনিৰ্বাপক বাহিনীৰ মতে, বাছখনৰ চালকে নিয়ন্ত্ৰণ হেৰুৱায়, যাৰ বাবে বাছখনে প্ৰথমে কেইবাখনো সৰু বাহনৰ সৈতে সংঘৰ্ষত লিপ্ত হয় আৰু তাৰ পিছত ৬৫ ফুট দ’ খাৱৈত পৰি যায়। বিভাগটোৰ মুখপাত্ৰ কাৰ্লোছ হাৰ্নাণ্ডেজে জনোৱা মতে, বাছখনে ধাতুৰ গাৰ্ডৰেল ভাঙি বাগৰি পৰে।

গুৱেটামালাৰ যোগাযোগ মন্ত্ৰী মিগেল এঞ্জেল ডায়েজে জনোৱা মতে, বাছখনৰ বয়স প্ৰায় ৩০ বছৰ আছিল যদিও ইয়াৰ চলাচলৰ অনুজ্ঞাপত্ৰ আছিল। দুৰ্ঘটনাটোৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই, লগতে বাছখনত যাত্ৰী অভাৰলোড হৈছিল নেকি সেই বিষয়েও তদন্ত চলি আছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?