--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ডিফেণ্ডিং চেম্পিয়ন পাকিস্তানে আইচিচি চেম্পিয়নছ ট্ৰফীত পৰাজয়েৰে অভিযান আৰম্ভ কৰিছে। বুধবাৰে অনুষ্ঠিত প্রতিযোগিতাখনৰ উদ্বোধনী খেলখনত আয়োজক পাকিস্তানক ৬০ ৰানত সহজেই পৰাজিত কৰে নিউজিলেণ্ডে। 

প্রথমে বেট ধৰি ৫ উইকেটত ৩২০ ৰান কৰা নিউজিলেণ্ডে পৰৱৰ্তী সময়ত পাকিস্তানক ৪৭.২ অ'ভাৰত ২৬০ ৰানত সীমিত ৰাখে। খুচদিল শ্বাহ (৬৯) আৰু বাবৰ আজমে (৬৪) অর্ধ শতৰানৰ ইনিংছ খেলিলেও পাকিস্তানে পৰাজয়বৰণ কৰে। পাকিস্তানৰ ইনিংছত ছালমান আঘাই ৪২ আৰু ফখৰ জামানে ২৪ ৰান কৰে। 

ইয়াৰ আগেয়ে অ'পেনাৰ উইল ইয়ং আৰু মিডল অর্ডাৰৰ বেটাৰ টম লাথামৰ শতৰানৰ জৰিয়তে পোনতে বেট ধৰি নিউজিলেণ্ডে ৫ উইকেটত ৩২০ ৰান কৰিছিল। দলীয় স্ক'ৰ ৭৩ ৰানত আগশাৰীৰ তিনিটা উইকেট হেৰুৱালেও ইয়ং আৰু লাথামে শতৰান গোটাই নিউজিলেণ্ডৰ ইনিংছ মজবুত স্থিতিলৈ তুলি নিয়ে। 

ডেভন কনৱে (১০), কেন উইলিয়ামছন (১) আৰু ডাৰিল মিচেল (১০) ব্যর্থ হ'লেও ইয়ং আৰু লাথামৰ বেটিং বিক্ৰমৰ জৰিয়তে নিউজিলেণ্ডে ৫টা উইকেটত ৩২০ ৰানৰ শক্তিশালী স্ক'ৰ থিয় কৰে। গ্লেন ফিলিপছেও ৬১ ৰানৰ গুৰুত্বপূৰ্ণ অৱদান যোগায়। ইয়ঙে ১১৩টা বলত ১২টা চাৰি আৰু ১টা ছয়েৰে নিজৰ ১০৭ ৰানৰ ইনিংছটো সজায়। আনহাতে, লাথামৰ ১০৪টা বলত অবিজিত ১১৮ ৰানৰ ইনিংছটোত সমাহাৰ ঘটে ১০টা চাৰি আৰু তিনিটা ছয়ৰ। পাকিস্তানৰ নঈম শ্বাহ আৰু হেৰিছ ৰৌফে দুটাকৈ উইকেট দখল কৰে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?