--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নিজৰ উদ্ভাৱন শক্তিৰে দেশৰ বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাত জিলিকিবলৈ সক্ষম হৈছে এজন অসমীয়া ছাত্ৰ। এই ছাত্ৰ জন হৈছে দেশৰ অন্যতম বিজ্ঞান আৰু গৱেষণা প্ৰতিষ্ঠান বাংগালোৰস্থিত ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ ছাত্ৰ এলড্ৰিন নাথ। অতি মেধা সম্পন্ন তথা ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ চতুৰ্থ ষাণ্মাসিক ছাত্ৰ এলড্ৰিন নাথে নিজৰ উদ্ভাৱনশীল চিন্তাৰে সাজি উলিয়াবলৈ সক্ষম হৈছে এখন ৰ'ভাৰ যান। 

এই ৰ'ভাৰ যান খনৰ মূল উদ্দেশ্য হৈছে যিকোনো গ্ৰহৰ পৃষ্ঠৰ পৰা তথ্য সংগ্ৰহ কৰা। উল্লেখ্য যে মৰিগাঁও জিলাৰ চৰাইবাহী বৰভগীয়াৰ চৰাইবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিজ্ঞানৰ শিক্ষক মিন্টু কুমাৰ নাথ আৰু লেখিকা মৃণালিনী দেৱীৰ সন্তান এলড্ৰিন নাথে সৰুৰে পৰা গৱেষণা কামত আত্মনিয়োগ কৰি আহিছিল।মেধা ছাত্ৰ জনে বিভিন্ন বিজ্ঞানৰ প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি কেইবাটাও বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। 

নগাঁও ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ পৰা ২০২২ বৰ্ষত উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত অসমৰ ভিতৰত চতুৰ্থ স্থান লাভ কৰি ২০২৩ বৰ্ষত বাংগালোৰস্থিত ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানত নামভৰ্তিৰ বাবে নিৰ্বাচিত হয়। ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানত নামভৰ্তি কৰাৰ পিছতেই প্ৰথমে এখন "ড্ৰ'ন" নিৰ্মাণৰ জৰিয়তে প্ৰতিষ্ঠানটোৰ ঊৰ্ধবতন কৰ্তৃপক্ষৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। ইয়াৰ পিছতেই নিজৰ দক্ষতাই বিজ্ঞান প্ৰতিষ্ঠানখনৰ ৰবট গৱেষণা গ্ৰুপত স্থান লাভ কৰিবলৈ সক্ষম হয়। অসমীয়া মেধা সম্পন্ন ছাত্ৰ জনে পশ্চিমবংগৰ কলকাতাৰ দুজন মেধা ছাত্ৰৰ সৈতে ৰবট গৱেষণা গ্ৰুপত অন্তৰ্ভুক্ত হৈ বিজ্ঞান প্ৰতিষ্ঠানটোৰ পৰা ৰ'ভাৰ নিৰ্মাণ কৰা এক প্ৰকল্প আঁচনি গ্ৰহণ কৰে। 

দুমাহ কাল দিনে নিশাই কৰা কঠোৰ শ্ৰমৰ ফলত অৱশেষত সফলতাৰ মুখ দেখিবলৈ সক্ষম হয় তিনিজনীয়া দলটোৱে। ইতিমধ্যে বিজ্ঞান প্ৰতিষ্ঠানখনে ৰ'ভাৰ যান খনক স্বীকৃতি প্ৰদান কৰাৰ পাছত এই তিনিজনীয়া দলটোৰে আমেৰিকা আৰু পোলেণ্ডত অনুষ্ঠিত হ'ব লগীয়া বিজ্ঞান প্ৰতিযোগিতাত অংশ গ্ৰহণৰ বাবে প্ৰস্তুতি চলাই আছে।ভাৰতীয় বিজ্ঞান আৰু গৱেষণা ক্ষেত্ৰখনত অসমীয়া ছাত্ৰ এজনে দেখোৱা চমকপ্ৰদ উদ্ভাৱনশীলতাই ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।   

উৎস- দৈনিক জনমভূমি  

      
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?