ডিজিটেল ডেস্ক : নুমলীগড়ৰ কাষৰীয়া কমাৰগাঁৱৰ বৰপাকত ছাগলী পালন কৰি স্বাৱলম্বীতাৰ নিদৰ্শন দাঙি ধৰিছে এগৰাকী শিক্ষিত মহিলাই। ছাগলী বিক্ৰী কৰি বছৰি পাঁচ লক্ষাধিক টকা উপাৰ্জন মহিলা গৰাকীৰ। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত পুৰুষৰ লগতে একাংশ অসমীয়া শিক্ষিত মহিলাই ছাগলী ফাৰ্ম খুলি স্বাৱলম্বী হোৱা পৰিলক্ষিত হৈছে। গোলাঘাট জিলাৰ কমাৰগাঁৱৰ বৰপাক অঞ্চলৰ বিচিত্ৰা বৰুৱা দাস নামৰ এগৰাকী শিক্ষিত মহিলাই ঘৰতে এখন ছাগলী ফাৰ্ম খুলি বছৰি প্ৰায় পাঁচ লক্ষাধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ।
উল্লেখ্য যে বৰপাক অঞ্চলৰ আদৰ্শ কৃষক প্ৰদীপ দাসৰ বোৱাৰী তথা শিক্ষিত মহিলা বিচিত্ৰা বৰুৱা দাসে প্ৰথমে এজনী উন্নত জাতৰ ছাগলী পালন কৰিছিল। ইয়াৰ পাছতে মহিলাগৰাকীয়ে ঘৰতে এখন সৰুকৈ ছাগলী ফাৰ্ম আৰু হাঁহ পালন কৰি নিজেই স্বাৱলম্বী হোৱাৰ উপৰিও আন দুটা পৰিয়াল পো-পালন দিবলৈ সক্ষম হৈছে। বৰ্তমান সময়ত মহিলাগৰাকী ফাৰ্মখনত ৩০ টাকৈ অধিক উন্নতজাতৰ ছাগলী থকাৰ উপৰিও বিক্ৰী কৰিব পৰা ছাগলী ১৩ টা আছে।
ইফালে ৮ ৰ পৰা ১০ হাজাৰ টকাৰ মূল্যত এটা ছাগলী বিক্ৰী কৰে বুলি সংবাদ মাধ্যমৰ আগত সদৰি কৰে। বৰ্তমান সময়ত বৃহত্তৰ কমাৰগাঁৱৰ বৰপাক অঞ্চলত ছাগলী পালন কৰি স্বাৱলম্বী হোৱা বিচিত্ৰা বৰুৱা দাস বহু মহিলাৰ আদৰ্শ স্বৰূপ হৈ পৰিছে ।