--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

পশ্চিম বংগঃ কেন্দ্ৰীয় শিক্ষা ৰাজ্যিক মন্ত্ৰী এগৰাকীয়ে ৰবীন্দ্ৰনাথ ঠাকুৰ প্ৰসংগত কৰা এটা মন্তব্যই তিক্ত বিতৰ্কৰ সৃষ্টি কৰিছে। শাসনাধিষ্ঠ বিজেপি চৰকাৰখনৰ মন্ত্ৰী ড০ সুভাষ সৰকাৰে ৰবীন্দ্ৰনাথৰ দ্বাৰা স্থাপিত ‘বিশ্ব ভাৰতী’ অনুষ্ঠানলৈ গৈছিল আৰু সেই অনুষ্ঠানতে বিতৰ্কিত মন্তব্য কৰা বুলি প্ৰকাশ পাইছে। বক্তব্য প্ৰদানৰ সময়ত কবিগুৰুৰ প্ৰসংগত ৰবীন্দ্ৰনাথ ঠাকুৰৰ ছালৰ ৰং ক’লা আছিল বাবে মাতৃস্নেহৰ পৰা বঞ্চিত হোৱাৰ কথা সদৰী কৰিছে। ইফালে, ঠাকুৰ পৰিয়ালৰ সদস্যৰ পৰা শান্তি নিকেতনৰ কৰ্মীলৈকে, প্ৰাক্তন ছাত্ৰ বা বিশিষ্ট লেখকসকলৰ মতে, ৰবীন্দ্ৰনাথ ঠাকুৰৰ ছালৰ ৰং কিছু পৰিমাণে ক’লা আছিল, কিন্তু তেওঁ মাতৃস্নেহৰ পৰা বঞ্চিত হোৱাৰ কোনো তথ্য নাই বুলি স্পষ্টীকৰণ দিছে।


শেহতীয়াকৈ মন্ত্ৰীজনৰ এটা ভিডিঅ’ ক্লিপ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। সেই ক্লিপটোত, ড০ সৰকাৰক কোৱা শুনা গৈছিল যে, ‘তেওঁৰ মাতৃৰ লগতে তেওঁৰ পৰিয়ালৰ বহুতে তেওঁক কোলাত লোৱা নাছিল কাৰণ ৰবীন্দ্ৰনাথৰ ছালৰ বৰণ ক’লা আছিল। ৰবীন্দ্ৰনাথ ঠাকুৰে ভাৰতৰ বাবে বিশ্ব জয় কৰিছে।’


উল্লেখ্য যে, ৰবীন্দ্ৰনাথ ঠাকুৰে মাতৃস্নেহৰ পৰা বঞ্চিত হোৱাৰ কোনো তথ্য ইয়াৰ পূৰ্বে প্ৰকাশ পোৱা নাছিল। আনকি, ৰবীন্দ্ৰনাথ ঠাকুৰৰ ‘জীৱন স্মৃতি’ আৰু ‘ছেলেবেলা’ অৰ্থাত ‘শৈশৱ’ দুখন কিতাপত মাতৃৰ সৈতে তেওঁৰ কেনে মধুৰ সম্পৰ্ক আছিল সেয়া উল্লেখ আছে। শাসনাধিষ্ঠ চৰকাৰখনৰ এগৰাকী দ্বায়িত্বশীল মন্ত্ৰীৰ এনে তিৰ্যক মন্তব্যৰ বিৰুদ্ধে সমালোচনাৰ জোৱাৰ উঠা সময়ছোৱাত তেওঁৰ দলে বিজেপি মন্ত্ৰীগৰাকীৰ কাষত থিয় দিয়া কাৰ্যক গৰিহণা দিছে সচেতন নাগৰিকে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?