কাবুল: আফগানিস্তানত শান্তি-সম্প্ৰীতি ৰক্ষা কৰাৰ তালিবানৰ প্ৰতিশ্ৰুতি চূড়ান্ত ভুৱা বুলি প্ৰমাণ হৈছে। মহিলা, শিশু, কিশোৰ-যুৱকক নিৰ্যাতন চলাই তালিবানে এতিয়া লক্ষ্য কৰি লৈছে সাংবাদিকসকলক। সংবাদ মাধ্যমৰ স্বাধীনতা খৰ্ব নহ’ব বুলি কোৱা তালিবানীয়ে এতিয়া সম্পূৰ্ণ বিপৰীতমুখী স্থিতি লৈছে। সাংবাদিকক বিচাৰি এতিয়া ঘৰে ঘৰে অভিযান চলাইছে তালিবান যোদ্ধাই।
সম্প্ৰতি পশ্চিমীয়া সংবাদ মাধ্যমৰ সাংবাদিকক শত্ৰু হিচাপে চিহ্নিত কৰিছে তালিবানীয়ে। পশ্চিমীয়া দেশৰ সংবাদ মাধ্যমৰ সাংবাদিকৰ সন্ধান পালেই হত্যা অথবা নিৰ্যাতনৰ লক্ষ্য কৰি লৈছে তালিবানীয়ে। বৃহস্পতিবাৰে কাবুলত জাৰ্মান সংবাদ সংস্থা DWৰ এগৰাকী আফগান সাংবাদিকৰ ঘৰত অভিযান চলায় তালিবানীয়ে।
কিন্তু ঘৰত সাংবাদিকগৰাকীক বিচাৰি নাপাই ক্ৰোধান্বিত তালিবানী সন্ত্ৰাসবাদীয়ে সংঘটিত কৰে ভয়ংকৰ কাণ্ড। তালিবানীয়ে গুলীয়াই হত্যা কৰে পৰিয়ালৰ এজন সদস্যক আৰু আহত কৰে পৰিয়ালৰ আন এগৰাকী সদস্যক। এই ঘটনাত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিশ্বজুৰি।
সাংবাদিকৰ পৰিয়ালৰ ওপৰত আক্ৰমণৰ তীব্ৰ গৰিহণা দিছে DW সংবাদ সংস্থাই। আফগানিস্তানৰ সকলো সাংবাদিকৰ জীৱন বিপদাপন্ন বুলি মন্তব্য DWৰ পৰিচালক সঞ্চালক পিটাৰ লিমবুৰ্গৰ।