--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ গাজিয়াবাদত এক অতি চাঞ্চল্যকৰ আৰু ঘৃণনীয় ঘটনা পোহৰলৈ আহিছে। এখন ঘৰত এগৰাকী বনকৰা মহিলাই ৮ বছৰে প্ৰস্ৰাৱৰে আটা মঠি গৃহস্থৰ পৰিয়ালক ৰুটী বনাই খুৱাই আছিল। পৰিয়ালৰে আটাইৰে লিভাৰ বেয়া হোৱাৰ পাছতহে এই ঘৃণনীয় কাণ্ড পোহৰলৈ আহে। 

প্ৰস্ৰাৱ মিহলোৱা ৰুটী খাই গোটেই পৰিয়ালটো অসুস্থ হৈ পৰিল। এই ঘৃণনীয় কাণ্ড পোহৰলৈ আহে যেতিয়া মালিকে নিজৰ পাকঘৰত চিচিটিভি কেমেৰা স্থাপন কৰিছিল। চিচিটিভি কেমেৰাত বনকৰা মহিলাগৰাকীৰ সমগ্ৰ ঘৃণনীয় কাণ্ড বন্দী হয়।

গাজিয়াবাদৰ থানা ক্ৰছিং ৰিপাব্লিক অঞ্চলৰ ছ’চাইটীত বাস কৰা এজন ৰিয়েল এষ্টেট ব্যৱসায়ী আৰু তেওঁৰ পৰিয়াল যোৱা কেইমাহমানৰ পৰা গুৰুতৰভাৱে অসুস্থ হৈ পৰিছিল। পেট আৰু যকৃতৰ ৰোগত আক্ৰান্ত হৈ আছিল পৰিয়ালৰ লোক। প্ৰথম অৱস্থাত পৰিয়ালটোৱে ইয়াক স্বাভাৱিক সংক্ৰমণ বুলি ভাবি চিকিৎসকৰ ওচৰত চিকিৎসা কৰাইছিল যদিও অৱস্থাৰ কোনো উন্নতি হোৱা নাছিল।

যেতিয়া তেওঁলোকৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল, তেতিয়া তেওঁলোকৰ খাদ্যাভ্যাসত কিবা ভুল হৈছে বুলি সন্দেহ কৰিছিল। ইয়াৰ পিছত পৰিয়ালৰ লোকে নিজৰ পাকঘৰ আৰু অন্যান্য অংশত চিচিটিভি কেমেৰা স্থাপন কৰে, যাতে খাদ্য প্ৰস্তুতিৰ ওপৰত নজৰ ৰাখিব পৰা যায়। ইয়াৰ পিছত চিচিটিভিৰ ফুটেজত যি দেখা গ’ল সেয়া আছিল অতি আচৰিত আৰু ঘৃণনীয়। ঘৰত কাম কৰা ৰীণাই ৰন্ধা-বঢ়া কৰি থাকোঁতে খাদ্যত প্ৰস্ৰাৱ মিহলাই আছিল। কেমেৰাৰ ফুটেজত ৰীণাক পাকঘৰৰ পাত্ৰত প্ৰস্ৰাৱ কৰি খাদ্য ৰান্ধি থকা দেখা যায়। এই ঘৃণনীয় কাণ্ড দেখি গোটেই পৰিয়ালটো স্তম্ভিত হৈ পৰিল। ইয়াৰ পিছতে ভুক্তভোগীৰ পৰিয়ালে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। 

ভুক্তভোগীৰ পৰিয়ালে দাখিল কৰা এজাহাৰত অভিযোগ কৰা হৈছে যে যোৱা ৮ বছৰ ধৰি ৰীণাই তেওঁলোকৰ ঘৰত কাম কৰি আছিল। গতিকে তেওঁলোকে ৮ বছৰ ধৰিয়ে এই ঘৃণনীয় খাদ্য খাই আহিছে।

অভিযুক্ত দাসী ৰীণাক গ্ৰেপ্তাৰ কৰা হৈছে। এই ঘটনাত আৰক্ষীয়ে গোচৰ ৰুজু কৰি ৰীণাক জিম্মাত লৈ জেৰা কৰে। প্ৰাথমিক জেৰাৰ সময়ত ৰীণাই এই অভিযোগ নাকচ কৰিছিল। আৰক্ষীৰ মতে, ৰীণাই এই অভিযোগ অস্বীকাৰ কৰাই নহয়, এই কাম কৰাৰ কথাও ভাবিব নোৱাৰে বুলিও শপত খাইছিল। যেতিয়া আৰক্ষীয়ে চিচিটিভিৰ ফুটেজ ৰীণাক দেখুৱাইছিল তেতিয়া ৰীণাই একো উত্তৰ নিদিয়াকৈ মনে মনে থাকে। এই গোচৰৰ অধিক তদন্ত চলি আছে। ৰীণাই ইমান ঘৃণনীয় কাণ্ড কিয় কৰিলে তাৰ উত্তৰ উলিয়াবলৈ আৰক্ষীয়ে জেৰা চলাই আছে।

এই ঘটনাই মানুহৰ মনত ঘৃণা আৰু অবিশ্বাসৰ সৃষ্টি কৰাৰ লগতে সমাজৰ এক বিপদজনক ধাৰা প্ৰতিফলিত কৰিছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?