--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মুকেশ আম্বানীৰ ৰিলায়েন্স জিঅ’ই গ্ৰাহকক প্ৰদান কৰিছে দীপাৱলী উপহাৰ। ইণ্ডিয়া মোবাইল কংগ্ৰেছ (আই এম চি) ২০২৪ত ৰিলায়েন্স জিঅ’ই মুকলি কৰিছে ২টা নতুন 4G ফিচাৰ ফোন। মুকলি কৰা দুয়োটা 4G ফিচাৰ ফোন জিঅ’ভাৰত ছিৰিজৰ অধীনত মুকলি কৰা হৈছে। এই দুটা ফিচাৰ ফোনৰ নাম হৈছে JioBharat V3 আৰু V4। যোৱা বছৰ ৰিলায়েন্স জিঅ’ই জিঅ’ভাৰত ছিৰিজৰ V2 ফোন মুকলি কৰিছিল, যিটো ৰাইজে বহুত ভাল পাইছিল। এনে পৰিস্থিতিত এতিয়া চাব লাগিব জিঅ’ভাৰত ছিৰিজৰ V3 আৰু V4 মানুহে কিমান ভাল পায়।


জিঅ’ভাৰত ছিৰিজৰ V3, V4 4G ফিচাৰ ফোনৰ দামৰ কথা ক’বলৈ গ’লে এই ফোনসমূহৰ মূল্য ১০৯৯ টকাৰ পৰা আৰম্ভ হৈছে। এনে পৰিস্থিতিত মানুহে এই ফোনটো সুলভ মূল্যত লাভ কৰিব । শীঘ্ৰে জিঅ’ৰ জিঅ’ ভাৰত V3 আৰু V4 ফোন মোবাইল ষ্ট’ৰৰ লগতে জিঅ’মাৰ্ট আৰু আমাজনতো গ্ৰাহকৰ বাবে উপলব্ধ কৰা হ’ব।


জিঅ’ভাৰত V3 আৰু V4 ফোনত শেহতীয়া ডিজাইন অন্তৰ্ভুক্ত আছে। এই ফোনসমূহত আপুনি ১০০০ mAh বেটাৰী, ১২৮ GB লৈকে এক্সপাণ্ডেবল ষ্ট’ৰেজ পাব। এই ফোনত ২৩ টা ভাৰতীয় ভাষা ব্যৱহাৰ কৰিব পাৰিব। লগতে জিঅ’ ভাৰত ফোনত মাহিলী মাত্ৰ ১২৩ টকাৰ ৰিচাৰ্জ কৰিব পাৰিব, য’ত আপুনি আনলিমিটেড ভইচ কল আৰু ১৪ জিবি ডাটাৰ সুবিধা লাভ কৰিব।


জিঅ’ৰ এই ফোনটোত ইতিমধ্যে জিঅ’-টিভি, জিঅ’-চিনেমা, জিঅ’-পে আৰু জিঅ’-চাটৰ দৰে এপ প্ৰিলোড কৰা হৈছে। ইয়াৰ উপৰিও এই ফোনত ৪৫৫ টাতকৈও অধিক লাইভ টিভি চেনেল চাব পাৰিব। ইয়াৰ উপৰিও আপুনি ফোনত Jio-Pay সহজ পেমেণ্ট আৰু Jio-Chat আনলিমিটেড ভইচ মেছেজিং, ফটো শ্বেয়াৰ আৰু গ্ৰুপ চেটৰ বহু বিকল্প দেখিবলৈ পাব। জিঅ’ই এই ফোনত ইন-বিল্ট চাউণ্ড-বক্সৰ লগতে ইউপিআই ইন্টিগ্ৰেচনৰ সৈতে জিঅ’-পে সেৱাও প্ৰদান কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?