--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

মুম্বাই : অভিনেত্ৰী কংগনা ৰানাৱটৰ পাছত এইবাৰ অভিনেতা ছনু ছুডৰ মু্ম্বাইক ঘৰতো চলিব পাৰে বৃহনমুম্বাই মিউনিচিপাল কৰ্প’ৰেচনৰ উচ্ছেদ। অভিনেতাজনে তেওঁ আবাসিক অট্টালিকাত অবৈধভাৱে হোটেল চলাই থকাৰ অভিযোগত জাননী জাৰি কৰিছিল বিএমচি-এ। এই জাননীক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল অভিনেতাগৰাকী।কিন্তু তেওঁৰ আবেদন নাকচ কৰে ব’ম্বে উচ্চ ন্যায়ালয়ে। ফলত অভিনেতা ছনু ছুডৰ বিপদ বঢ়াটো নিশ্চিত হৈ পৰিল।

আৰু পঢ়িব পাৰিব : ট্ৰাম্পৰ নীতি সলনিৰ বাবে সাজু বাইডেন, ইছলামিক দেশলৈকো সকাহ!

মুম্বাইৰ জুহুত থকা তেওঁৰ আবাসিক অট্টালিকাত অভিনেতাগৰাকীয়ে অবৈধভাৱে হোটেল খোলাৰ অভিযোগত জাননী জাৰি কৰিছিল বিএমচিএ। এই জাননীক প্ৰত্যাহ্বান জনাই তেওঁ ব’ম্বে উচ্চ ন্যায়ালত জনোৱা আৱেদন তথা এখন অন্তৰ্ৱৰ্তী আবেদন অগ্ৰাহ্য কৰে ন্যায়ালয়ে। ন্যায়াধীশ পৃথিৱীৰাজ চাৱনে অভিনেতাগৰাকীৰ আৱেদন অগ্ৰাহ্য কৰি কয় যে, ‘আইনে কেৱল তেওঁলোককহে সহায় কৰে, যিসকল পৰিশ্ৰমী।’

ব্ৰিহনমুম্বাই মিউনিচিপাল কৰ্প’ৰেচনে বিগত বছৰৰ অক্টোবৰ মাহতে জাৰি কৰা এই জাননীৰ নিৰ্দেশ পালনৰ বাবে অভিনেতাগৰাকীৰ অধিবক্তা অমোঘ সিঙে ১০ সপ্তাহৰ সময় বিচাৰিছে। তেওঁ লগতে কোনো উচ্ছেদ চলোৱাৰ পৰা বিএমচিক বাৰণ কৰিবলৈকো ন্যায়ালয়ত আবেদন জনাইছিল যদিও তেনে কোনো নিৰ্দেশ দিবলৈ অসন্মত হয় ন্যায়ালয়।

আৰু পঢ়িব পাৰিব : প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰীসকলেও ল’ব ক’ভিড প্ৰতিষেধক

অভিনেতাগৰাকীৰ আবেদন অগ্ৰাহ্য কৰি ন্যায়াধীশ চাৱনে কয় যে, এতিয়া বল বিএমচিৰ ক’ৰ্টত আছে। আপুনি (ছনু ছুড) বহুত পলম কৰিলে। আপোনাৰ হাতত বহু সুযোগ আছিল। ন্যায়ালয়ৰ এই নিৰ্দেশৰ পাছত ছনু ছুডৰ ঘৰতো বিএমচিৰ বুলডজাৰ চলাৰ আশংকা বৃদ্ধি পালে। উল্লেখ্য যে, লকডাউনৰ সময়ত প্ৰব্ৰজিত শ্ৰমিকক ব্যাপক ৰূপত সহায় কৰি ব্যাপকভাৱে প্ৰশংসিত হৈছিল অভিনেতাগৰাকী। কিন্তু এই অবৈধ নিৰ্মাণ বিতৰ্কই তেওঁৰ গৰিমাত অলপ হ’লেও দাগ লগালে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?