--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

ৱাশ্বিংটন : ড’নাল্ড ট্ৰাম্পৰ বিদায় আৰু হোৱাইট হাউছত ডেম’ক্ৰেট জো বাইডেনৰ প্ৰশাসন সক্ৰিয় হোৱাৰ পাছতে ভালেমান স্পৰ্শকাতৰ বিষয়ত নতুন নীতি প্ৰণয়নৰ দিশে অগ্ৰসৰ হৈছে আমেৰিকা। জো বাইডেনৰ এগৰাকী সহযোগীয়ে প্ৰকাশ কৰা মতে, শপতগ্ৰহণৰ পাছতে ১৭টাকৈ গুৰুত্বপূৰ্ণ নিৰ্দেশনাত স্বাক্ষৰ কৰিব বাইডেনে। পেৰিছ পৰিৱেশ চুক্তি আৰু বিশ্ব স্বাস্থ্য সংস্থাত আমেৰিকা পুনৰ অন্তুৰ্ভুক্ত হোৱাটোও এইসমূহৰ ভিতৰত বিশেষভাৱে গুৰুত্বপূৰ্ণ।

আৰু পঢ়িব পাৰিব : প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰীসকলেও ল’ব ক’ভিড প্ৰতিষেধক

ড’নাল্ড ট্ৰাম্পৰ ভালেমান নিৰ্দেশনা তথা সিদ্ধান্ত বাতিলৰ জৰিয়তে প্ৰব্ৰজনকাৰী সম্পৰ্কতো নতুন নীতি গ্ৰহণ কৰিব দেশখনে। ট্ৰাম্পে কেইবাখনো ইছলামিক দেশৰ পৰিব্ৰাজকৰ প্ৰৱেশত বাধা আৰোপ কৰাৰ নীতিৰ বিৰুদ্ধে প্ৰথমটো দিনতে পদক্ষেপ গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।

আনহাতে প্ৰব্ৰজনকাৰীক বাধা দিবলৈ আমেৰিকা-মেক্সিকো সীমান্তত দেৱাল নিৰ্মাণৰ বাবে ট্ৰাম্পে দিয়া নিৰ্দেশো তেওঁ বাতিল কৰিব বুলি প্ৰকাশ কৰিছে নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতিগৰাকীৰ সহযোগীয়ে। দেশখনত ক’ভিড-১৯ৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰাৰো নীতি প্ৰণয়ন কৰিব বাইডেনে।

আৰু পঢ়িব পাৰিব : নুনমাটিত বিচাৰৰ নামত তালিবানী কাৰবাৰ: গণপ্ৰহাৰত মৃত্যু যুৱকৰ

দেশখনৰ প্ৰব্ৰজন সম্পৰ্কীয় নীতি সলনি কৰা তথা দেশখনত বসবাস কৰি থকা পঞ্জীয়নৰ বাহিৰৰ প্ৰব্ৰজিত লোকসকলক নাগৰিকত্ব প্ৰদানৰ কোনো পথ উদ্ভাৱনৰ বাবেও তেওঁ কংগ্ৰেছলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব বুলি জানিব পৰা গৈছে। ট্ৰাম্প প্ৰশাসনে এইসকল লোকক নাগৰিকত্ব প্ৰদান কৰিবলৈ অস্বীকাৰ কৰিছিল।বাইডেনক সহযোগীয়ে প্ৰকাশ কৰা এখন বিজ্ঞপ্তিত কয় যে, ‘ৰাষ্ট্ৰপতি বাইডেনে কেৱল ট্ৰাম্প প্ৰশাসনৰ সময়ত হোৱা ব্যাপক ক্ষতি পূৰণ কৰাৰ বাবেই নহয়, দেশক আগবঢ়াই নিয়াৰ বাবেও পদক্ষেপ গ্ৰহণ কৰিব।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?