--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : মিচেল ষ্টাৰ্কৰ দুৰন্ত বলিঙৰ সহায়ত চলিত আই পি এলৰ কালিৰ এখন ৰোমাঞ্চকৰ খেলত ৰাজস্থান ৰয়েলছক ছুপাৰ অ'ভাৰত পৰাজিত কৰে দিল্লী কেপিটেলছে। 

ছুপাৰ অ'ভাৰত জয়ৰ বাবে ১২ ৰানৰ প্ৰয়োজন আছিল আৰু দিল্লী কেপিটেলছে সেয়া ৪টা বলতে অতিক্রম কৰে। তাৰ আগেয়ে দিল্লীৰ ৫ উইকেটত ১৮৮ ৰানৰ প্ৰত্যুত্তৰত ৰাজস্থান ৰয়েলছেও ৪টা উইকেট হেৰুৱাই ১৮৮ ৰান কৰাত খেলখন টাই হয়। পোনতে বেট ধৰি দিল্লী কেপিটেলছে অভিষেক প'ৰেলৰ ৩৭টা বলত ৫টা চাৰি ১টা ছয় সম্বলিত ৪৯ ৰানৰ সহায়ত ৫টা উইকেট হেৰুৱাই সংগ্ৰহ কৰিছিল ১৮৮ ৰান। 

দলীয় স্ক'ৰ ৩৪ ৰানত অ'পেনাৰ জেক ফ্ৰেজাৰ মেকগাৰ্ক (৯) আৰু কৰুণ নায়াৰ (০) পেভিলিয়নলৈ উভতিছিল। ইয়াৰ পাছত অভিষেকৰ উপৰি লোকেশ ৰাহুলে ৩৮, ডিষ্টান ষ্টাবছে অপৰাজিত ৩৪, অধিনায়ক অক্ষৰ পেটেলে ৩৪ আৰু আশুতোষ শর্মাই অবিজিত ১৫ ৰানৰ উল্লেখনীয় অৱদান আগবঢ়ায়। 

ৰাজস্থান ৰয়েলছৰ জুফ্ৰা আৰ্চাৰে সৰ্বাধিক দুটা উইকেট দখল কৰে। অসম সন্তান ৰিয়ান পৰাগে ১ অ'ভাৰত ছয় ৰান খৰচ কৰি কোনো উইকেট নাপালে। পৰৱৰ্তী সময়ত যশশ্বী জয়ছোৱাল (৫১) আৰু নীতিশ ৰানাৰ (৫১) অর্ধশতৰানৰ জৰিয়তে ৰাজস্থানে ৪ উইকেটত ১৮৮ ৰান কৰিছিল। অন্তিম অ'ভাৰত ৰাজস্থানক ৯ ৰানৰ প্ৰয়োজন আছিল যদিও ষ্টাকে মাথোঁ ৮ ৰানহে খৰচ কৰে।

উৎসঃ দৈনিক জনমভূমি
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?