--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আই পি এল ২০২৫ত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)ৰ হৈ খেলা বেগী বলাৰ ভুৱনেশ্বৰ কুমাৰে খেলপথাৰত য়ৰ্কাৰ আৰু ছুইঙৰ বাবে সামাজিক মাধ্যমত বহু চৰ্চিত। তেওঁৰ ব্যক্তিগত জীৱনটোও সমানেই আকৰ্ষণীয়। ভুৱনেশ্বৰ কুমাৰ আৰু তেওঁৰ পত্নী নুপুৰৰ প্ৰেম কাহিনীটো চিনেমাতকৈও কম নহয় য’ত শৈশৱৰ এক নিৰীহ বন্ধুত্ব ক্ৰমান্বয়ে গভীৰ সম্পৰ্কলৈ পৰিণত হৈছিল।

ভুৱনেশ্বৰ কুমাৰৰ ঘৰ মীৰুটত। এবাৰ বদলিযোগ্য চাকৰি থকা নুপুৰৰ পিতৃক মীৰুটত পোষ্ট কৰা হৈছিল। নুপুৰৰ পিতৃয়ে মীৰুটত ভাড়াঘৰ বিচাৰি আছিল। সেই অনুসন্ধানত তেওঁ ভুৱনেশ্বৰৰ ঘৰৰ দুৱাৰত টোকৰ মাৰিলে। তেওঁৰ ঘৰলৈ আহি নুপুৰৰ পিতৃৰ ভাড়াঘৰৰ সন্ধানৰ অন্ত পৰিল।

সেই একেখন ঘৰতে প্ৰথমবাৰৰ বাবে নুপুৰ আৰু ভুৱনেশ্বৰ লগ হৈছিল। তেতিয়া ভুৱীৰ বয়স ১৩ বছৰ আৰু নুপুৰৰ বয়স ১১ বছৰ। ইয়াৰ পৰাই আৰম্ভ হৈছিল তেওঁলোকৰ বন্ধুত্ব, যিটো সময়ৰ লগে লগে প্ৰেমলৈ ৰূপান্তৰিত হ’ল।

নুপুৰে এক সাক্ষাৎকাৰত কয় যে ঘৰৰ ভিতৰতে হওক বা বাহিৰতেই হওক ভূৱিক সদায় তেওঁৰ আৰ্ম ছুইঙেৰে বলিং কৰা দেখি আহিছো। ল’ৰা-ছোৱালীয়ে কেৱল খেলা বয়সত ভুৱীয়ে ক্ৰিকেটৰ প্ৰেমত পৰিছিল আৰু নুপুৰৰ সৈতে তেওঁৰ সম্পৰ্কৰ ভেটিও শক্তিশালী হৈ আহিছিল। 

ভুৱীয়ে কয় যে , নুপুৰৰ পৰিয়ালে বহু বছৰ ভাড়াতীয়া হিচাপে তেওঁৰ ঘৰত থাকিছিল। তাৰ পিছত পিতৃয়ে তেওঁলোকৰ ঘৰৰ পৰা ২ মিনিটৰ দূৰত্বত নিজাকৈ ঘৰ সাজিছিল। ভুৱীৰ ভাড়াতীয়াসকল নিশ্চয়কৈ নিজৰ নতুন ঘৰলৈ স্থানান্তৰিত হ’ল। কিন্তু তেওঁৰ কন্যা নুপুৰ পিছত ঘৰৰ মালিকৰ ল’ৰাটোৰ লগত বিয়া হৈ একেখন ঘৰৰ বোৱাৰী হৈ পৰিল। ঘৰৰ মালিকৰ সেই পুত্ৰ হ’ল ভুৱনেশ্বৰ কুমাৰ।

সময়ৰ লগে লগে এই বন্ধুত্ব গভীৰ সম্পৰ্কলৈ পৰিণত হ’ল আৰু দুয়োজনে বিয়া হোৱাৰ সিদ্ধান্ত ল’লে। ভুৱনেশ্বৰ আৰু নুপুৰৰ এই কাহিনীটোৱে যে প্ৰকৃত প্ৰেমে সময়, দূৰত্ব আৰু পৰিস্থিতিৰ প্ৰতি কোনো গুৰুত্ব নিদিয়ে তাৰ এক ডাঙৰ উদাহৰণ। ক্ৰিকেট খেলপথাৰত ভুৱীৰ সফলতা যিমানেই প্ৰেৰণাদায়ক, সিমানেই সুন্দৰ তেওঁৰ ব্যক্তিগত জীৱনৰ প্ৰেম কাহিনী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?