--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিয়াৰ নামত চৰকাৰী প্ৰকল্পৰ ধন আৰু উপহাৰ চুৰি কৰাৰ এক ঘটনা সংঘটিত হৈছে৷ উত্তৰ প্ৰদেশৰ মহৰাদাবাদত সংঘটিত হৈছে এই ঘটনা। কিছুমানৰ ভাই-ভনীৰ সম্পৰ্ক, কিছুমানৰ মোমায়েক-ভাগীনয়েকৰ সম্পৰ্ক! কিন্তু চৰকাৰী প্ৰকল্পৰ ধন আৰু উপহাৰ তেওঁলোকে নিজৰ সম্পৰ্ক লুকুৱাই বিয়াৰ বাবে কৰিছিল আবেদন ।  

উত্তৰ প্ৰদেশত প্ৰচলিত দৰিদ্ৰ পৰিয়ালৰ পুত্ৰ-কন্যাৰ বিবাহৰ বাবে  মুখ্যমন্ত্ৰীৰ ৰাজহুৱা বিবাহ আঁচনি অধীনত নৱবিবাহিতক ৩৫ হাজাৰ টকা দিয়া হয়। লগতে কিছু উপহাৰ প্ৰদান কৰে। চৰকাৰৰ এই আচঁনীৰ ধন আহৰণ কৰিবলৈ বহু লোকে নিজৰ পৰিচয় লুকুৱাই বিবাহৰ বাবে আবেদন কৰিছিল। প্ৰশাসনে আবেদন পত্ৰ পৰীক্ষা কৰাৰ লগে লগে বিষয়টো পোহৰলৈ আহে। যে বহু লোকে নিজৰ পৰিচয় লুকুৱাই বিবাহৰ বাবে আবেদন কৰিছে। অৱশেষত চৰকাৰে তেওঁলোকৰ আবেদন নাকচ কৰে।

ৰাজ্য চৰকাৰৰ সূত্ৰ অনুসৰি এই প্ৰকল্পৰ অধীনত এইবাৰ উত্তৰ প্ৰদেশৰ মহৰাদেশবাদত ৩৪৫১টা দম্পতীয়ে বিবাহপাশত আবদ্ধ হ’ব। যদিও ৮৫১৯টা দম্পতীয়ে আবেদন কৰিছিল। শেষত  আবেদনসমূহ পৰীক্ষা কৰাৰ পাছত ভুৱা আবেদন বাতিল কৰা হয়। জিলা সমাজ কল্যাণ বিষয়া শ্ৰী নৰেন্দ্ৰ গৌতমে কয় যে যিসকলে নিজৰ পৰিচয় লুকুৱাই আবেদন কৰিছে তেওঁলোকৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

প্ৰশ্ন হয় যে উন্নয়নৰ ঢাক-ঢোল বজোৱা এই দেশত এনেদৰে অসৎ উপায় অৱলম্বন কৰি ধনঘটিবলৈ বাধ্য হৈ পৰিছে সাধাৰণ জনতা৷ উন্নয়নৰ বাবে আঁচনিৰ পাহাৰ গঢ়াতকৈ উপযুক্ত নিয়োগ ব্যৱস্থা কৰাৰ লগতে মূল্যবদ্ধি ৰধৰ বাবে কাৰ্যক্ষম ব্যৱস্থা গ্ৰহণ কৰি এনে সমস্যাৰ নিদান উলিওৱাটোহে এতিয়া সময়ৰ আহ্বান৷
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?