--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শেহতীয়াকৈ আমেৰিকাৰ খাদ্য আৰু ঔষধ প্ৰশাসনে সাধাৰণতে কুকুৰৰ আৰ্থাইটিছৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা ঔষধ লিব্ৰেলাক লৈ জৰুৰী সতৰ্কবাণী জাৰি কৰিছে। এই ঔষধৰ ব্যৱহাৰৰ ফলত গুৰুতৰ পাৰ্শ্বক্ৰিয়া যেনে ছিজাৰচ, লুমিনেচেন্স, আৰু পেশী নিয়ন্ত্ৰণ হেৰুৱাৰ আদিৰ দৰে সমস্যাৰ সন্মুখীন হয়  যিয়ে পোহনীয়া জন্তুৰ স্বাস্থ্যৰ প্ৰতি সম্ভাৱ্য বিপদৰ সৃষ্টি কৰিব পাৰে।

২০২৩ চনৰ জানুৱাৰীৰ পৰা ২০২৪ চনৰ মাৰ্চৰ ভিতৰত ৩৬০০ৰো অধিক বিৰূপ স্বাস্থ্যজনিত পাৰ্শ্বক্ৰিয়া ৰিপৰ্ট পোৱা গৈছে। সোমবাৰে এফ ডি এয়ে সতৰ্কবাণী জাৰি কৰি পোহনীয়া জন্তুৰ মালিকসকলক  লিব্ৰেলাৰ বিপদৰ বিষয়ে সচেতন হ’বলৈ সকীয়াই দিছে, যাৰ বাবে আক্ৰান্ত কুকুৰৰ স্বাস্থ্যত গুৰুতৰ প্ৰভাৱ পেলাব পাৰে।

পোহনীয়া জন্তুৰ মালিকসকলে বিকল্প চিকিৎসা পৰিকল্পনাৰ বাবে পশু চিকিৎসকৰ পৰা পৰামৰ্শ ল’ব লাগে আৰু তেওঁলোকৰ পোহনীয়া জন্তুৰ সমস্যাৰ লক্ষণ ভালদৰে নিৰীক্ষণ কৰিব লাগে।

চিনাক্তকৰণ আৰু বিশ্লেষণ কৰা পাৰ্শ্বক্ৰিয়াৰ ভিতৰত আছে ছিজাৰচ, আৰু এটাক্সিয়া, অন্যান্য স্নায়ুজনিত লক্ষণ, য'ত আছে পেৰেছিছ, ৰেকাম্বেন্সি, প্ৰস্ৰাৱৰ অসংযমতা, পলিউৰিয়া, আৰু পলিডিপচিয়া আদি উল্লেখযোগ্য কিছুমান ক্ষেত্ৰত মৃত্যু হয় বুলি সংস্থাটোৱে জনাইছে৷ 

এফ ডি এয়ে ২০২৩ চনৰ ৫ মে’ত কুকুৰৰ আৰ্থাইটিছৰ সৈতে জড়িত বিষ নিয়ন্ত্ৰণৰ বাবে ব্যৱহাৰ কৰা মনোক্ল’নেল এন্টিব’ডি ঔষধ লিব্ৰেলাক অনুমোদন জনায় আৰু সেই বছৰৰ শেষৰ ফালে ইয়াক বজাৰত মুকলি কৰা হৈছিল। অনুমোদনৰ পূৰ্বে এফ ডিএ-এ লিব্ৰেলাৰ ওপৰত অধ্যয়ন আৰু অন্যান্য তথ্যৰ পৰ্যালোচনা কৰিছিল আৰু কুকুৰৰ আৰ্থাইটিছৰ সৈতে জড়িত বিষ নিয়ন্ত্ৰণৰ বাবে ইয়াৰ উদ্দেশ্যপ্ৰণোদিত ব্যৱহাৰৰ বাবে লিব্ৰেলাক নিৰাপদ আৰু ফলপ্ৰসূ বুলি নিৰ্ধাৰণ কৰিছিল। লিব্ৰেলাৰ ওজন অনুসৰি ড’জ দিয়া হয় আৰু মাহত এবাৰ ছালৰ তলত বেজী দিয়াৰ বাবে লেবেল লগোৱা হয়।

যদি কোনো কুকুৰে লিব্ৰেলা গ্ৰহণ কৰাৰ সময়ত কোনো বিৰূপ পাৰ্শ্বক্ৰিয়াৰ সন্মুখীন হয়, তেন্তে এফ ডি এ-এ ঔষধৰ পৃষ্ঠপোষক জোইটিছক ১-৮৮৮-৯৬৩-৮৪৭১ নম্বৰত ৰিপৰ্ট কৰিবলৈ আহ্বান জনাইছে। ঔষধৰ পৃষ্ঠপোষকসকলে ঔষধৰ বিৰূপ পাৰ্শ্বক্ৰিয়াৰপ্ৰতিবেদন এফ ডি এক দাখিল কৰিব। যদি পোনপটীয়াকৈ এফ ডি এক ৰিপৰ্ট দিব বিচাৰে, তেন্তে www.fda.gov/reportanimalae ৱেবচাইটৰ জৰিয়তে অভিযোগ দিব পাৰিব।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?