ডিজিটেল ডেস্কঃ মুজাফৰনগৰৰ বালাজী ধাম মন্দিৰত পুৰুষ-মহিলা ভক্তৰ কাপোৰৰ নিয়ম বলবৎ কৰা হৈছে। মঙলবাৰে জাৰি কৰা জাননীত মন্দিৰ কৰ্তৃপক্ষই কয় যে ‘হাফ পেণ্ট আৰু মিনি স্কাৰ্ট’ৰ দৰে চুটি কাপোৰ পিন্ধাসকলক দেৱতাৰ ‘দৰ্শন’ কৰিবলৈ দিয়া নহ’ব।
প্ৰথমবাৰৰ বাবে উলংঘা কৰা লোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিব আৰু তাৰ পিছত নিৰ্দেশনা পালন নকৰিলে জৰিমনা বিহাৰ চেষ্টা কৰিব বুলিও মন্দিৰ কমিটীয়ে কয়।
বালাজী মন্দিৰৰ প্ৰধান পুৰোহিত আলোক শৰ্মাই কয় যে“আমি পৰ্যবেক্ষণ কৰিছো যে চুটি কাপোৰ পিন্ধি দেৱতাৰ দৰ্শনৰ বাবে অহা কিছুমান মহিলাই আনৰ মনোযোগ বিচলিত কৰে। পূজা কৰাৰ সময়ত মহিলাসকলৰ মূৰ ঢাকি ৰাখিব লাগে। মন্দিৰটো পবিত্ৰ স্থান আৰু আমি সকলোৱে ঠাইখনৰ মৰ্যাদা ৰক্ষা কৰা উচিত।’
মন্দিৰ সমিতিয়েও ফেচবুক পেজত একেধৰণৰ জাননী প্ৰকাশ কৰিছে,তাত লিখিছে “বস্ত্ৰত শিষ্টাচাৰ বজাই ৰখাৰ সিদ্ধান্তৰ পিছত আমি প্ৰশংসাসূচক সঁহাৰি পাইছো। এই পদক্ষেপক সমৰ্থন কৰাসকলৰ সংখ্যা ইয়াৰ বিৰোধিতা কৰাসকলতকৈ বেছি। স্থানৰ পবিত্ৰতা ৰক্ষা কৰিব লাগে।’