--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৱশেষত কিছু সকাহ লাভ কৰিছে পাকিস্তানৰ নাগৰিকসকলে। চৰকাৰে হ্ৰাস কৰিছে পেট্ৰল-ডিজেলৰ মূল্য।পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ১২ টকা আৰু ডিজেলৰ মূল্য ৩০ টকা হ্ৰাস কৰা হৈছে।

পাকিস্তানৰ বিত্তমন্ত্ৰী ইছাক দাৰে যোৱা সোমবাৰে ঘোষণা কৰে যে সংশোধিত মূল্য ১২ বজাৰ পিছত বলৱৎ হ’ব আৰু ৩১ মে’লৈকে বলৱৎ হ’ব। ইয়াৰ লগতে চৰকাৰে লঘু ডিজেল আৰু কেৰাচিন তেলৰ মূল্যও প্ৰতি লিটাৰত ১২ টকা হ্ৰাস কৰিছে। 

বিত্তমন্ত্ৰী ইছাক দাৰে কয় যে অৰ্থনৈতিক প্ৰত্যাহ্বানৰ মাজতো তেওঁলোকে ৰাইজক যিমান পাৰি সকাহ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে। এনে পৰিস্থিতিত তেওঁ পৰিবহণ মাধ্যমক ৰাইজৰ সুবিধাৰ বাবে ভাড়া হ্ৰাস কৰিবলৈ কয়।

মন কৰিব যে হাই স্পীড ডিজেলৰ মূল্য ৩০ টকা, পেট্ৰ’লৰ ১২ টকা, কেৰাচিন ১২ টকা আৰু লঘু ডিজেলৰ মূল্য ১২ টকা হ্ৰাস কৰা হৈছে। ফলত পেট্ৰ’লৰ মূল্য এতিয়া প্ৰতি লিটাৰত ২৭০ টকা, হাই স্পীড ডিজেল প্ৰতি লিটাৰত ২৫৮ টকা, প্ৰতিলিটাৰ কেৰাচিন অইলৰ মূল্য ১৬৪.০৭ টকা আৰু লঘু ডিজেলৰ মূল্য ১৫২.৬৮ টকালৈ হ্ৰাস পাইছে।

উল্লেখ্য যে ইতিমধ্যে ঋণৰ বোজাত পৰি থকা পাকিস্তানৰ অৱস্থা অতি দুখজনক। আনকি, সেই দেশৰ অৰ্থনীতিও গভীৰভাৱে প্ৰভাৱিত হৈছে। যোৱা বছৰৰ পৰা পাকিস্তানে আই এম এফৰ সৈতে বেইলআউট পেকেজৰ বাবে আলোচনাত মিলিত হৈছে। অৱশ্যে এইয়া এতিয়াও কাৰ্যকৰী হোৱা নাই। 

শেহতীয়াকৈ আই এম এফে পাকিস্তানৰ পৰা ৮ বিলিয়ন ডলাৰ দাবী কৰিছিল। ইয়াৰ উপৰিও আই এম এফে লগতে কয় যে বাকী থকা ঋণ পৰিশোধ কৰাৰ পিছতহে বেইলআউট পেকেজ জাৰি কৰা হ’ব।

ইফালে পাকিস্তান পৰিসংখ্যা ব্যুৰোৰ পৰিসংখ্যা অনুসৰি মুদ্ৰাস্ফীতিৰ হাৰ সৰ্বোচ্চ স্তৰত উপনীত হৈছে। কেৱল সেয়াই নহয়, ১৯৬৫ চনৰ পিছত মুদ্ৰাস্ফীতিৰ হাৰ সৰ্বোচ্চ স্তৰত আছে। যোৱা এপ্ৰিল মাহত বাৰ্ষিক ভিত্তিত মুদ্ৰাস্ফীতিৰ হাৰ ৩৬.৪ শতাংশ আছিল। আনহাতে বিগত মাহত ৩৫.৪ শতাংশ আছিল।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?