--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ডাকঘৰত সঞ্চয় কৰা সকলৰ বাবে ভাল খবৰ। জ্যেষ্ঠ নাগৰিক সকলক কেন্দ্ৰ কৰি ডাকঘৰত এখন সঞ্চয় আঁচনি চলোৱা হয়। সেই আঁচনিৰ নাম জ্যেষ্ঠ নাগৰিক সঞ্চয় আঁচনি (SCSS)। 

৬০ বছৰৰ ওপৰৰ যিকোনো ভাৰতীয় নাগৰিকে এই আঁচনিত বিনিয়োগ কৰিব পাৰিব। একে সময়তে ৫৫ বছৰৰ ওপৰৰ আৰু ৬০ বছৰৰ তলৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে এই আঁচনিখনত বিনিয়োগ কৰিব পাৰিব।

এই আঁচনিৰ জৰিয়তে প্ৰতিমাহে ২০,৫০০ টকা পেঞ্চন লাভ কৰিব। এই আঁচনিখনত সৰ্বাধিক ৩০ লাখ টকা বিনিয়োগ কৰিলে বছৰি প্ৰায় ২ লাখ ৪৬ হাজাৰ টকাৰ সুত পাব। অৰ্থাৎ প্ৰতিমাহে আপোনাৰ বেংক একাউণ্টত ২০,৫০০ টকা জমা হ’ব। এই আঁচনিৰ সুতৰ হাৰ ৮.২ শতাংশ, যিটো যিকোনো চৰকাৰী আঁচনিৰ ভিতৰত সৰ্বাধিক হাৰ।

কোনে বিনিয়োগ কৰিব পাৰিব?

৬০ বছৰ বা তাতকৈ অধিক বয়সৰ ভাৰতীয় নাগৰিক

৫৫ৰ পৰা ৬০ বছৰৰ ভিতৰৰ যিসকল লোকে অৱসৰ লৈছে (VRS)।

এই একাউণ্টটো ডাকঘৰত বা যিকোনো অনুমোদিত বেংকত খুলিব পাৰিব।

কৰত কি প্ৰভাৱ পৰিব?

SCSS ৰ পৰা লাভ কৰা সুতৰ আয়ৰ ওপৰত কৰ দিব লাগিব 

অৱশ্যে এই বিনিয়োগৰ ধনৰাশি ধাৰা ৮০চিৰ অধীনত ১.৫ লাখ টকা পৰ্যন্ত কৰ ৰেহাইৰ যোগ্য

পৰিকল্পনাৰ সময়ছোৱা

এই আঁচনিৰ সময়সীমা ৫ বছৰ।

৫ বছৰৰ পিছত আপুনি ইয়াক আৰু ৩ বছৰলৈ বৃদ্ধি কৰিব পাৰে।

সময়ৰ আগতে উলিয়াব পাৰিব ধন, কিন্তু ইয়াৰ বাবে ভৰিব লাগিব জৰিমনা ৷

এই আঁচনি কিয় বিশেষ?

নিৰাপদ চৰকাৰী আঁচনি

নিৰ্দিষ্ট মাহিলী আয়

কৰ ৰেহাইৰ সুবিধা

অৱসৰৰ পিছত নিয়মীয়া আয়ৰ বাবে সৰ্বোত্তম বিকল্প।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?