ডিজিটেল ডেস্ক : বহুমূত্ৰ বা মধুমেহ ৰোগ হৈছে এটা হৰম’নজনিত ৰোগ। এইবিধ ৰোগ সাধাৰণতে চল্লিছোৰ্ধ বয়সৰ লোকৰ ক্ষেত্ৰত হোৱা ৰোগ যদিও শিশু আৰু গৰ্ভৱতী মহিলাও এই ৰোগত আক্ৰান্ত হোৱা দেখা যায়। মানৱ শৰীৰৰ পাচতন্ত্ৰৰ লগত জড়িত অগ্ন্যাশয়ে ইনচুলিন প্ৰস্তুত কৰিব নোৱাৰা হ'লে বা শৰীৰে উৎপন্ন ইনচুলিন ব্যৱহাৰত ব্যৰ্থ হ'লে এই ৰোগ হোৱা দেখা যায়।
উল্লেখ্য যে ভাৰতত নিতৌ বৃদ্ধি পাইছে ডায়েবেটিছ ৰোগীৰ সংখ্যা। আন্তঃৰাষ্ট্ৰীয় ডায়েবেটিছ ফেডাৰেচনৰ (IDF) প্ৰতিবেদন অনুসৰি ভাৰতত বৰ্তমান ৮.৯৮ কোটি লোক ডায়েবেটিছ ৰোগত আক্ৰান্ত। এই সংখ্যাই ২০৫০ চনৰ ভিতৰত ৭৩% বৃদ্ধি হৈ ১৫.৬ কোটি অতিক্ৰম কৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। ইয়াৰ কাৰণ হিচাপে পৰিৱৰ্তিত জীৱনশৈলী, মানসিক চাপ, ফাষ্টফুডৰ প্ৰতি আসক্তি আৰু শাৰীৰিক কাৰ্যকলাপৰ অভাৱে এই ৰোগৰ প্ৰধান কাৰণ বুলিব পাৰি।
অৱশ্যে নিৰাশাৰ মাজতো থাকে আশাৰ কিৰণ। পুৱা গঢ়ি তোলা কিছু অভ্যাসে তেজত বৃদ্ধি পোৱাৰ ছুগাৰৰ মাত্ৰা যথেষ্ট পৰিমাণে হ্ৰাস কৰিব পাৰে।
১. খালী পেটত কুহুমীয়া পানী খোৱা-
পুৱা খালী পেটত কুহুমীয়া পানী খালে বিপাকীয় ক্ৰিয়া সক্ৰিয় হয় আৰু শৰীৰত ইনচুলিনৰ সংবেদনশীলতা বৃদ্ধি পায়। এই অভ্যাসে শৰীৰক বিষাক্ত পদাৰ্থৰ পৰাও মুক্ত কৰি তেজৰ চেনি নিয়ন্ত্ৰণত সহায় কৰে।
২. শাৰীৰিক কাৰ্য্কলাপে সুস্থ কৰি ৰাখে-
মৰ্ণংৱাক, যোগাসন বা লঘু ব্যায়ামে শৰীৰক শক্তিশালী কৰাই নহয়, গ্লুক’জৰ বিপাকীয় ক্ৰিয়াও উন্নত কৰে। প্ৰতিদিনে ২০-৩০ মিনিটৰ ক্ৰিয়া-কলাপে ডায়েবেটিছ প্ৰতিৰোধৰ ক্ষেত্ৰত ডাঙৰ ভূমিকা ল’ব পাৰে।
৩. প্ৰাণায়াম কৰা-
মানসিক চাপ ডায়েবেটিছৰ এটা প্ৰধান কাৰণ। পুৱা কেইমিনিটমান প্ৰাণায়াম বা গভীৰ উশাহ-নিশাহৰ ব্যায়ামৰ ফলত ষ্ট্ৰেছ হৰম’ন (কৰ্টিছল) হ্ৰাস পায়, যিয়ে তেজৰ চেনিৰ পৰিমাণ নিয়ন্ত্ৰণ কৰি ৰাখে।
৪. আঁহযুক্ত আৰু কম গ্লাইচেমিক ব্ৰেকফাষ্ট
ব্ৰেকফাষ্ট দিনটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আহাৰ। ব্ৰেকফাষ্ট য’ত আঁহ, প্ৰ’টিন, আৰু কম গ্লাইচেমিক সূচকাংক থকা খাদ্য থাকে। যেনে-ওটছ, গজালি ওলোৱা শস্য বা অটমিল। এই সকলোবোৰে তেজত ছুগাৰ মাত্ৰা নিয়ন্ত্ৰিত কৰে।