ডিজিটেল ডেস্কঃ চৰণেহে জানে মৰণৰ ঠাই। কন্যাকুমাৰীলৈ বিয়া খাবলৈ গৈ সাগৰত উটি গ’ল ৫ গৰাকীকৈ চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থী। তাৰ ভিতৰত দুগৰাকী ছাত্ৰীও আছে। সোমবাৰে তামিলনাডুৰ কন্যাকুমাৰী উপকূলত সংঘটিত হয় এই ঘটনা।
কন্যাকুমাৰী জিলা আৰক্ষী অধীক্ষক ই সুন্দৰবাথানমে জনোৱা মতে, সোমবাৰে লেমুৰ উপকূলত ৫গৰাকীয়েই গা ধুবলৈ নামিছিল। সাগৰত জোৱাৰৰ বাবে বিপদৰ আশংকাত বিচটো বন্ধ কৰি দিয়া হৈছিল। তেওঁলোকে নাৰিকল গছৰ অৰণ্যৰ মাজেৰে সাগৰৰ পাৰলৈ গৈছিল। তাতেই ডুবি গ’ল।
তদন্তত জানিব পৰা মতে নিহত শিক্ষাৰ্থীকেইগৰাকী তিৰুচিৰাপল্লীৰ এছ আৰ এম মেডিকেল কলেজৰ ছাত্ৰ। কলেজখনৰ পৰা এটা বৃহৎ দল বিয়া খাবলৈ গৈছিল। বিয়াৰ আনন্দৰ মাজতে শিক্ষাৰ্থীসকলে চহৰখন ভ্ৰমণ কৰিবলৈ ওলাই আহিছিল। পাঁচজনীয়া দলটো গৈছিল লেমুৰ বিচলৈ।
আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, নিহত শিক্ষাৰ্থীকেইগৰাকী হৈছে থাঞ্জাভুৰুৰ চাৰুকবি, নেভেল্লীৰ গায়ত্ৰী, কন্যাকুমাৰীৰ সৰ্বদৰ্শিত, ডিণ্ডিগুলৰ প্ৰবীণ শ্যাম আৰু অন্ধ্ৰ প্ৰদেশৰ ভেংকটেশ।
সেই পাঁচগৰাকী শিক্ষাৰ্থীৰ সৈতে আৰু তিনিগৰাকী ইন্টাৰ্ণো সাগৰত নামিছিল। তেওঁলোকক উদ্ধাৰ কৰা হৈছে। সেই তিনিগৰাকী হ’ল কাৰুৰৰ নেশী, থেনিৰ প্ৰীতি প্ৰিয়ংকা আৰু মাদুৰাইৰ শৰণ্যা। তিনিওগৰাকীক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। বৰ্তমান তেওঁলোকৰ চিকিৎসা অব্যাহত আছে।
উল্লেখ্য যে আৰু কেইসপ্তাহমানৰ পাছত তেওঁলোকৰ চিকিৎসাৰ পাঠ্যক্ৰম শেষ হোৱাৰ কথা আছিল। পৰীক্ষাত উত্তীৰ্ণ হ’লে পাঁচোগৰাকীয়েই ডাক্তৰ হ’লহেঁতেন।