--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাক হ'বলৈ ওলাইছে অভিনেত্ৰী  দীপিকা পাডুকন। সেয়ে দীপিকাই কেইদিনমানৰ বাবে  কামৰ পৰা বিৰতি লৈছে। কাৰণ, দীপিকাই এতিয়া তেওঁৰ সমষ্ট চিন্তা নতুনকৈ আহিবলগীয়া সন্তানতে আবদ্ধ ৰাখিছে।   এক কথাত  দীপিকাই এতিয়া সকলো পাহৰি মাতৃত্বৰ অনুভৱ  উপভোগ কৰি আছে। কিন্তু ইয়াৰ মাজতে দীপিকাৰ পিঠিত পোৰা দাগে  বহুতকে আচৰিত কৰি তুলিছে।  হঠাতে দীপিকাৰ আকৌ কি হ'ল?

দীপিকাই অলপতে ছচিয়েল মিডিয়াত এখন ফটো পোষ্ট কৰিছিল। য'ত তেওঁৰ পিঠি পুৰি  যোৱা দেখা গৈছে । আচলতে দীপিকাৰ  পিঠি ৰ'দত সম্পূৰ্ণৰূপে ক'লা হৈ পৰিছে। দীপিকা বৰ্তমান ৰণবীৰৰ সৈতে বেবীমুনত ব্যস্ত হৈ আছে। ৰণবীৰ আৰু দীপিকাই সাগৰৰ পাৰত কিছু সময় অতিবাহিত কৰি আহিছে । দীপিকাৰ শেহতীয়া পোষ্টটোত সেই কথা স্পষ্ট হৈ পৰিছে।

বিয়াৰ প্ৰায় পাঁচ বছৰৰ পিছত দীপিকা মাতৃ হ'বলৈ ওলাইছে । ফেব্ৰুৱাৰীৰ আৰম্ভণিতে তেওঁ গৰ্ভৱতী  হোৱা বুলি খবৰ  ওলাইছিল। ফেব্ৰুৱাৰীৰ  ২৯  তাৰিখে, ৰণবীৰ আৰু দীপিকাই তেওঁলোকৰ ভাল খবৰটো সকলোকে দিছিল । তেওঁলোকৰ সন্তান  ছেপ্টেম্বৰ-অকেটোবৰত আহিব। দীপিকা পাডুকনে গৰ্ভৱতী অৱস্থাতে আম্বানী পৰিয়ালৰ জামনগৰৰ  অনুষ্ঠানত উপস্থিত আছিল। কিন্তু এতিয়া নায়িকাগৰাকীয়ে বিশ্ৰাম লৈছে। অভিনেত্ৰীগৰাকীয়ে কল্কি ২৯৮৯ এডিৰ মুক্তিৰ বাবে অপেক্ষা কৰি আছে। 

খবৰ অনুসৰি দীপিকা পাডুকনে মুম্বাইৰ পৰা বাংগালুৰুলৈ ৰাওনা হৈছে। তেওঁ এই সময়ত মাক দেউতাকৰ সৈতে তাতেই  থাকিব। দীপিকা পাডুকন আৰু ৰণবীৰ সিঙৰ প্ৰথম সন্তানৰ জন্ম বাংগালুৰুত হ'ব বুলিও জানিব পৰা গৈছে।দীপিকা পাডুক ন আৰু ৰণবীৰ সিঙৰ সঞ্জয় লীলা ভাঞ্চালীৰ গোলিয়োঁ কি ৰাসলীলা – ৰাম লীলাৰ ছেটত প্ৰেম হৈছিল। তেওঁলোকে  ১৪ আৰু ১৫ নৱেম্বৰ, ২০১৮ ত আয়োজিত অনুষ্ঠানত   ইটালীৰ লেক কোমোত বিবাহপাশত আৱদ্ধ হৈছিল। দীপিকা আৰু ৰণবীৰে কোঙ্কণী আৰু সিন্ধি দুয়োটা পদ্ধতিৰে বিবাহপাশত আৱদ্ধ হৈছিল। এতিয়া তেওঁলোকৰ সংসাৰলৈ এটি সন্তান আহিব। 
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?