ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ পিছতে সমগ্ৰ দেশৰ মোবাইল ব্যৱহাৰকাৰীসকলৰ মূৰত হয়তো পৰিব ৰামটাঙোন। নিৰ্বাচনৰ পিছতে অধিক ধন ভৰি মোবাইল ফোনৰ ৰিচাৰ্জ কৰিবলগীয়া হ'ব পাৰে। মোবাইল সেৱা প্ৰদানকাৰীসকলে শুল্ক বৃদ্ধিৰ বাবে সাজু হৈছে। এই পদক্ষেপৰ অৰ্থ হৈছে যে আপোনাৰ ম'বাইল ফোনৰ ৰিচাৰ্জ কৰাটো নিৰ্বাচনৰ পিছত অধিক ব্যয়বহুল হৈ পৰিব, কোম্পানীবোৰে ইতিমধ্যে ৰিছাৰ্জৰ দাম বৃদ্ধিৰ বাবে পৰিকল্পনা কৰিছে।
এণ্টিক ষ্টক ব্ৰোকিঙৰ এক প্ৰতিবেদন অনুসৰি, সাধাৰণ নিৰ্বাচনৰ পিছত টেলিকম উদ্যোগে ৰিছাৰ্জৰ দাম ১৫ ৰ পৰা ১৭ শতাংশ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। নিৰ্বাচন ১৯ এপ্ৰিলৰ পৰা ১ জুনলৈ সাতটা পৰ্যায়ত অনুষ্ঠিত হ'ব আৰু ভোট গণনা ৪ জুনত হ'ব। টেলিকম উদ্যোগটোৱে দীৰ্ঘদিন ধৰি এই শুল্ক বৃদ্ধিৰ বাবে অপেক্ষা কৰি আহিছে আৰু নিৰ্বাচনৰ পিছত এই বৃদ্ধি হ'ব বুলি অনুমান কৰা হৈছে।
প্ৰতিবেদনখনে প্ৰকাশ কৰা মতে ভাৰতী এয়াৰটেলে এই বৃদ্ধিৰ পৰা আটাইতকৈ বেছি লাভাৱান্বিত হ'ব। দাম বৃদ্ধিৰ পিছত ৩০০ টকাৰ ৰিচাৰ্জৰ মূল্য ৩৫১ টকা হ'ব বুলি ভৱিষ্যতবাণী কৰা হৈছে, যিয়ে ১৭ শতাংশ বৃদ্ধি প্ৰতিফলিত কৰিব।