--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : দেশৰ প্ৰতিৰক্ষা বাহিনীৰ লগতে দেশৰ অভ্যন্তৰীণ নিৰাপত্তাৰ দায়িত্বত থকা আৰক্ষী বাহিনীতো জোৱানৰ সংখ্যা যথেষ্ট কম। 

প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে অলপতে মন্ত্ৰ্যালয়ৰ সৈতে জড়িত সংসদৰ স্থায়ী কমিটীত দিয়া তথ্য মতে দেশৰ প্ৰতিৰক্ষা বাহিনীত এক লাখতকৈ অধিক পদ খালী হৈ আছে। প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ তথ্য মতে বর্তমান দেশত সেনাত নিয়োজিত হৈ থকা মুঠ লোকৰ সংখ্যা হ'ল ১২.৪৮ লাখ। ইয়াৰ ভিতৰত ৯২,৪১০টা পদ হ'ল জুনিয়ৰ কমান্ডিং অফিচাৰ (জে চি অ') আৰু নন কমিছনড অফিচাৰৰ (এন চি অ')। সেনাবাহিনীত জে চি অ' আৰু এন চি অ'ৰ প্রায় ৭.৭২% পদ খালী হৈ আছে। 

যোৱা বছৰ এক অক্টোবৰলৈকে সেনা বাহিনীত মুঠ স্বীকৃত পদৰ সংখ্যা হ'ল ১১,৯৭,৫২০টা। ইয়াৰ ভিতৰত ১১,০৫,১১০টা পদ পূর্ণ হৈ আছে। আনহাতে সেনা বাহিনীত উচ্চ পৰ্যায়ৰ বিষয়াৰ সংখ্যা প্রায় ১৬.৭১% কম। মন্ত্রালয়ে সংসদীয় কমিটীখনত দিয়া তথ্য মতে, সেনা বাহিনীত স্বীকৃত বিষয়াৰ পদৰ সংখ্যা হ'ল ৫০,৫৩৮টা আৰু ইয়াৰে ৪২,০৯৫টা পদত বিষয়া নিযুক্ত হৈ আছে। অৱশ্যে ইয়াৰ ভিতৰত সেনাৰ মেডিকেল ক'ৰ, ডেণ্টেল ক'ৰ আৰু মিলিটেৰী নাৰ্ছিং ছাৰ্ভিচক ধৰা হোৱা নাই। উল্লেখযোগ্য যে প্রতি বছৰে প্ৰায় ৬০ হাজাৰ সৈনিকে অৱসৰ গ্ৰহণ কৰে। কভিড মহামাৰীৰ কাৰণে দুবছৰ সেনা বাহিনীত সৈনিক ভর্তি স্থগিত ৰখা হৈছিল। ইয়াৰ ফলত প্রায় ১.২০ লাখ পদ খালী হৈ ৰয়। 

আনহাতে ২০২২ চনৰ পৰা অগ্নিপথ আঁচনি আৰম্ভ কৰা হয়। ইয়াৰ অধীনত প্ৰতি বছৰে প্রায় ৪০ হাজাৰ সৈনিকক সেনা বাহিনীত মকৰল কৰা হয়। ফলত কভিডৰ সময়ত খালী পদ এতিয়াও পূৰণ কৰিব পৰা হোৱা নাই। প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ মতে অগ্নিবীৰ আঁচনিৰ জৰিয়তে সেনা বাহিনীত খালী হৈ থকা পদসমূহ পূৰণ কৰিব পৰা যাব। আনহাতে খালী হৈ থকা বিষয়াৰ পদ পূৰণৰ কাৰণে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰা হৈছে আৰু পদ পূৰণৰ প্ৰক্ৰিয়া উন্নত কৰা হৈছে।

উৎসঃ দৈনিক জনমভূমি
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?