--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

গাজিয়াবাদ : কোভিড সংক্ৰমণে দেশত দ্ৰুততৰ ৰূপ ধাৰণ কৰাৰ সময়তে এতিয়া নাটনি হৈছে প্ৰতিষেধকৰো। মহাৰাষ্ট্ৰৰ মুম্বা্ইত ২৬টা টিকাকৰণ কেন্দ্ৰ বন্ধ কৰি দিবলগীয়া হৈছে প্ৰতিষেধকৰ নাটনিৰ বাবে। মহাৰাষ্ট্ৰ চৰকাৰে প্ৰকাশ কৰে যে, তেওঁলোকে কেন্দ্ৰ পৰা অধিক পৰিমাণৰ প্ৰতিষেধক অহাৰ বাবে অপেক্ষা কৰি আছে। প্ৰতিষেধকৰ অভাৱৰ বাবে ইয়াৰে নৱী মুম্বাইত থকা ২৩টা টিকাকৰণ কেন্দ্ৰ বন্ধ কৰি দিবলগীয়া হৈছে। কেন্দ্ৰই দেশৰ ভিতৰতে আটাইতকৈ ক্ষতিগ্ৰস্ত ৰাজ্যখনক এইদিশত বঞ্চিত কৰাৰো অভিযোগ উঠিছে।

আৰু পঢ়িব পাৰিব :লালকিল্লাৰ হিংসাত জড়িত নাছিল দীপ সিদ্ধু!

মহাৰাষ্ট্ৰ চৰকাৰৰ সহযোগী দল এনচিপিৰ মুৰব্বী শাৰদ পাৱাৰে এই বিষয়ে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰে কথা পাতিছে। ইফালে, দিল্লীৰ সমীপৰ গাজিয়াবাদৰ একাধিক হাস্পতালত প্ৰতিষেধকৰ নাটনি হোৱা বুলি প্ৰকাশ কৰিছে। যোৱা সোমবাৰৰ পৰাই ভালেমান ব্যক্তিগত হাস্পতালত প্ৰতিষেধক নাইকিয়া হোৱা বুলি জানিব পৰা গৈছে। গাজিয়াবাদৰ ভালেমান চিকিৎসালয়ে জাননীযোগে প্ৰকাশ কৰিছে যে, তেওঁলোকৰ ওচৰত প্ৰতিষেধক মজুত নাই আৰু প্ৰতিষেধকৰ পৰৱৰ্তী ষ্টক কেতিয়া আহিব সেই লৈ তেওঁলোক নিশ্চিত নহয়।

আৰু পঢ়িব পাৰিব :সকলো ৰে’ল যাত্ৰীয়ে মাস্ক পিন্ধাটো বাধ্যতামূলক৷ নিয়ম উলংঘা কৰিলে বিহা হ’ব জৰিমনা

হাস্পতালৰ প্ৰৱেশ পথতে ফলক লগাই হাস্পতাল কৰ্তৃপক্ষই প্ৰতিষেধক মজুত নথকা কথা প্ৰকাশ কৰিছে আৰু প্ৰতিষেধক ল’ব বিচৰা লোকক ফোনযোগে যোগাযোগ কৰিহে আহিবলৈ আহ্বান জনাইছে। কেৱল গাজিয়াবাদতে নহয় ৰাজ্যখনৰ আন বিভিন্ন প্ৰান্তত প্ৰতিষেধকৰ নাটনি হোৱাৰ খবৰ প্ৰকাশ পাইছে আৰু বহু ঠাইত টিকাকৰণ স্থগিত ৰাখিবলগীয়া হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?