--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

নতুন দিল্লী : পাঞ্জাবী অভিনেতা তথা সমাজকৰ্মী দীপ সিদ্ধু জড়িত নাছিল ২৬ জানুৱাৰীত দিল্লীত হোৱা হিংসাত্মক ঘটনাত। কৃষক আন্দোলনৰ সময়ত লালকিল্লাত হোৱা হিংসাত জড়িত থকাৰ অভিযোগত দিল্লী আৰক্ষীৰ বিশেষ শাখাৰ হাতত গ্ৰেপ্তাৰ হোৱা অভিনেতাজনৰ অধিবক্তাই এই দাবী কৰিছে। বৃহস্পতিবাৰে দিল্লীৰ এখন আদালতত তেওঁক জামিন আবেদন দাখিলৰ সময়ত এই দাবী কৰে অধিবক্তাজনে।

আৰু পঢ়িব পাৰিব : সকলো ৰে’ল যাত্ৰীয়ে মাস্ক পিন্ধাটো বাধ্যতামূলক৷ নিয়ম উলংঘা কৰিলে বিহা হ’ব জৰিমনা

তেওঁৰ অধিবক্তাই সংবাদ প্ৰতিষ্ঠান এএনআইৰ আগত প্ৰকাশ কৰে যে, দীপ সিদ্ধুৱে কেৱল ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ পোষ্ট কৰিছিল আৰু তাৰ পাছতে তেওঁৰ নাম গণৰাজ্য দিৱসৰ হিংসাৰ মূল অভিযুক্তৰ ৰূপত সংবাদ মাধ্যমত প্ৰকাশ হয়। অধিবক্তাই লগতে স্পষ্ট কৰি দিয়ে যে, সকলো ভুলেই অপৰাধ নহয়। ন্যায়ালয়ে সিদ্ধুৰ জামিনৰ শুনানি ১২ এপ্ৰিললৈ স্থগিত ৰাখিছে আৰু সিদ্ধুৰ ভাষণৰ প্ৰতিলিপি বিচাৰিছে।

আৰু পঢ়িব পাৰিব : ৰাষ্ট্ৰপতি শাসন? পদত্যাগ কৰিব আন দুগৰাকী মহাৰাষ্ট্ৰৰ মন্ত্ৰীয়ে!

অভিযুক্তজনৰ অধিবক্তাই আৰু প্ৰকাশ কৰে যে, আন্দোলন ঘোষণা কৰিছিল কৃষক সংঘইহে। লালকিল্লালৈ যোৱাৰ বাবে সিদ্ধুৱে কোনো আহ্বান জনোৱা নাছিল বুলিও তেওঁ স্পষ্ট কৰি দিয়ে। ৯ ফেব্ৰুৱাৰীত হিংসাত উদগনি দিয়াৰ গোচৰত দীপ সিদ্ধুক গ্ৰেপ্তাৰ কৰিছিল দিল্লী আৰক্ষীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?