গুৱাহাটী : ধৰাৰ বুকুত এতিয়া শৰতৰ হাঁহি। শৰতৰ আগমনে চৌদিশে কঢ়িয়াই আনে এক শুভ্ৰ দলিচা৷ নৈৰ পাৰত কহুৱা ফুলে হাঁহিছে । কেউফালে এতিয়া শেৱালিৰ সুবাস৷ দুবৰিৰ বুকুত নিয়ৰে পাৰি দিছে একোখন দলিছা। শৰতক স্বাগতম জনাই দূৰ্গাপূজাৰো প্ৰস্তুতি চলিছে পূৰ্ণাংগ ৰূপত ।

ক'ভিড পৰিবেশৰ পৰা কিছু আতঁৰি আহি চৰকাৰে বান্ধি দিয়া নীতি-নিয়মৰ মাজেৰে এতিয়া সকলোৱে প্ৰস্তুতি চলাইছে শাৰদীয় দুৰ্গোৎসৱৰ৷ বিভিন্ন দোকান-পোহাৰত গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হৈছে৷ সমান্তৰালকৈ ক'ভিডে কোঙা কৰা মৃণ্ময় শিল্পীসকলো ব্যস্ত হৈ পৰিছে 'মা দূৰ্গা'ৰ মূৰ্তি সম্পূৰ্ণ কৰাত৷

ইপিনে বিভিন্ন স্থানত লোক শিল্পীসকলো দূৰ্গাপূজাৰ বাবে চলাই আছে প্ৰস্তুতি৷ নাগাৰা, ওজাপালি আদিকে বহু লোকশিল্পীৰ অৱস্থাও পানীত হাঁহ নচৰা হৈছিল ক'ভিডৰ পৰিৱেশত৷