--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অসমত ধাৰাবাহিক ভাৱে ব্যৰ্থতাৰ সন্মুখীন হৈ আহিছে কংগ্ৰেছ৷ কংগ্ৰছৰ এই ধাৰবাহিক ব্যৰ্থতাৰ সময়ছোৱাত এ.আই.চি.চিৰ তত্ত্বাৱধায়কৰ দায়িত্বত আছিল জিতেন্দ্ৰ সিং৷ তেওঁৰ নেতৃত্বত দলটোৱে উপৰ্যুপৰি চূড়ান্ত ব্যৰ্থতাৰ সন্মুখীন হৈ আহিছে৷ দলটোৰ শক্তিশালী কৰাৰ ক্ষেত্ৰটো তত্ত্বাবধায়কগৰাকীৰ কোনো বিশেষ ৰণকৌশল পৰিলক্ষতি হোৱা নাই৷   

উল্লেখযোগ্য যে ২০১৪ চনৰ পৰা জিতেন্দ্ৰ সিঙৰ ব্যক্তিগত ৰাজনৈতিক যাত্ৰাও বিশেষ সফল বুলি ক’ব নোৱাৰি। তেওঁ একেৰাহে দুটাকৈ লোকসভা নিৰ্বাচনত পৰাজিত হৈছিল। অসমৰ দায়িত্ব লাভ কৰাৰ ঠিক আগতে তেওঁ ওড়িশাৰ দায়িত্বত আছিল, ওড়িশাতো বিগত বছৰৰ লোকসভা আৰু বিধানসভাৰ নিৰ্বাচনত কংগ্ৰেছ ব্যৰ্থ হৈছিল। অসমত প্ৰদেশ কংগ্ৰেছৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত সময়ত দলটোৱে শক্তিশালী ৰূপত প্ৰত্যাৱৰ্তন কৰিব বুলি আশা প্ৰকাশ কৰা হৈছিল যদিও ব্যৰ্থতাৰ মুখহে দেখিলে দলটোৱে৷ সদ্যসমাপ্ত লোকসভা নিৰ্বাচনতো যি তিনিগৰাকী কংগ্ৰেছৰ নেতাই নিৰ্বাচনত জয়ী হৈছিল তেওঁলোকৰ নিজা শক্তি আৰু ভৱমূৰ্তিৰ বাবেহে জয়ী হৈছিল৷

জিতেন্দ্ৰ সিঙৰ নেতৃত্বত দলটোক কি দৰে জনসাধাৰণৰ মাজলৈ লৈ যোৱা হ’ব, শক্তিশালী কৰিতোলো হ’ব কোনো দিশতে তেওঁৰ সবল নেতৃত্ব পৰিলক্ষিত হোৱা নাই৷ সততে অসমৰ মুখ্যমনন্ত্ৰীয়ে কংগ্ৰেছত বিজেপিৰ এজেণ্ট আছে বুলি কৰা মন্তব্যই জিতেন্দ্ৰ সিঙৰ প্ৰতি সন্দেহৰ আঙুলি উঠিছে৷ তেওঁৰ নেতৃত্বত কংগ্ৰেছৰ বিপৰ্যয়ৰ পাছতো তেওঁক তত্ত্বাবধায়কৰ পদৰ পৰা কিয় অপসাৰণ কৰা হোৱা নাই? তেওঁৰ কাৰ্যকলাপে দলক বিপৰ্যয়ৰ দিশলৈ থেলি দিয়াৰ বিপৰীতে শাসক পক্ষক সহায় কৰা দৰেহে হৈছে৷ ক’ৰবাত যেন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্য সচা প্ৰমাণিত হৈছে!
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?