--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বলীউডৰ অভিনেতা ছলমান খানে আকৌ এবাৰ ভাবুকি লাভ কৰিছে। এইবাৰ মুম্বাই ট্ৰেফিক আৰক্ষীৰ জৰিয়তে এই ভাবুকিপূৰ্ণ বাৰ্তা লাভ কৰিছে। বাৰ্তা প্ৰেৰণ কৰা ব্যক্তিজনে নিজকে লৰেন্স বিষ্ণয় গেঙৰ ঘনিষ্ঠ বুলি অভিহিত কৰিছে। 

Salman Khan shoots for Bigg Boss 18 with additional security measures: 60  security guards, no outsiders policy - Hindustan Times


উল্লেখ্য যে, মুম্বাই ট্ৰেফিক আৰক্ষীৰ হোৱাটছএপ নম্বৰত লৰেন্স বিষ্ণয়ৰ সৈতে দীৰ্ঘদিনীয়া শত্ৰুতা শেষ কৰিবলৈ অভিনেতা ছলমান খানৰ পৰা ৫ কোটি টকাৰ দাবী জনাই ভাবুকিপূৰ্ণ বাৰ্তা আহিছে। এই বাৰ্তা প্ৰেৰণ কৰা ব্যক্তিজনে দাবী কৰিছে যে তেওঁ ছলমান আৰু লৰেন্স গেঙৰ মাজত মিলন আনিব, যাৰ বাবে তেওঁ ধন বিচাৰিছে আৰু সকীয়াই দিছে যে যদি ধন নিদিয়ে তেন্তে ছলমান খানৰ অৱস্থা বাবা ছিদ্দিকীতকৈও ভয়াবহ হ’ব।


Security tightened at Salman Khan's residence after new death threats - The  Economic Times
ট্ৰেফিক আৰক্ষীৰ হোৱাটছএপ নম্বৰত অহা বাৰ্তাত প্ৰেৰকে দাবী কৰে যে, "এইটো সহজভাৱে নল'ব , যদি ছলমান খানে জীয়াই থাকিব বিচাৰে আৰু লৰেন্স বিষ্ণয়ৰ সৈতে শত্ৰুতা শেষ কৰিব বিচাৰে, তেন্তে তেওঁ ৫ কোটি টকা দিব লাগিব। যদি... টকা নিদিয়ে ছলমান খানৰ অৱস্থা বাবা ছিদ্দিকীতকৈও ভয়াবহ হ'ব।" মুম্বাই আৰক্ষীয়ে এই বিষয়টো অতি গুৰুত্বসহকাৰে লৈ বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে।

শেহতীয়াকৈ দশেৰাৰ দিনা তেওঁৰ ঘনিষ্ঠ বন্ধু তথা এনচিপিৰ প্ৰবীণ নেতা বাবা ছিদ্দিকীক ৰাজহুৱাভাৱে গুলীয়াই হত্যা কৰা হৈছিল তাৰ পাছতেই ছলমান খানে এই ভাবুকি লাভ কৰিছে। এই হত্যাকাণ্ডৰ দায়িত্ব ল’লে লৰেন্স বিষ্ণয় গেঙে। এতিয়া ছলমান খানৰ এই ভাবুকিৰ পিছত আৰক্ষী বিভাগত চাঞ্চল্যৰ সৃষ্টি হৈছে।

উল্লেখ্য যে শেহতীয়াকৈ ছলমান খানৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছে। এতিয়া তেওঁক Y+ নিৰাপত্তা প্ৰদান কৰা হৈছে। ইয়াৰ পিছতেই তেওঁৰ নিৰাপত্তাৰ বাবে প্ৰায় ২৫ জন নিৰাপত্তাৰক্ষী নিয়োগ কৰা হ’ব। এই ব্যৱস্থাত প্ৰায় ২ৰ পৰা ৪ জন এনএছজি কমাণ্ডো আৰু আৰক্ষীৰ নিৰাপত্তাৰক্ষীও উপস্থিত থাকিব। ইয়াৰ উপৰিও দুইৰ পৰা তিনিখন বুলেট প্ৰুফ বাহনো তেওঁৰ সৈতে থাকিব।






FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?