--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ১৩ নৱেম্বৰত অনুষ্ঠিত হ’ব লগীয়া উপনিৰ্বাচনৰ বাবে সাজু হৈছে দলসমূহ৷ অসম সন্মিলিত মঞ্চ চমুকৈ 'অসম’ৰ উমৈহতীয়া প্ৰাৰ্থী সন্দৰ্ভত সিদ্ধান্ত ল’বলৈ অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ বৈঠকত ৫ জনীয়া কমিটী গঠন কৰা হয়। সাংসদ অজিত কুমাৰ ভূঞা, বিধায়ক অখিল গগৈ, অসম সন্মিলিত মঞ্চৰ সম্পাদক লুৰীণজ্যোতি গগৈ, চিপিএমৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰ আৰু জন ইংতি কাথাৰক লৈ গঠন কৰা এই কমিটিখনে বিহালী সমষ্টিৰ উপ-নিৰ্বাচনত অসমৰ প্ৰাৰ্থী সন্দৰ্ভত আলোচনা কৰি এক প্ৰতিবেদন দাখিল কৰিব।

অসমৰ আজিৰ বৈঠকখনত নিখিল ভাৰত কংগ্ৰেছৰ অসমৰ দায়িত্বত থকা সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙো উপস্থিত আছিল। অসমৰ সভাপতি ভূপেন কুমাৰ বৰাৰ সঞ্চলনাত অনুষ্ঠিত বৈঠকখনত ১৮টা ৰাজনৈতিক দলৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। বৈঠকত চিপিএম, চিপিআই, চিপিআইএমএলকে ধৰি একাংশ নেতাই ২০২৬লৈকে মিত্ৰজোঁটৰ শক্তি অটুত ৰাখিবৰ বাবে বিহালী বিধানসভা সমষ্টিটোত চিপিআইএমএলৰ বিবেক দাসক প্ৰাৰ্থিত্ব দিয়াৰ সপক্ষে যুক্তি প্ৰদৰ্শন কৰে।

ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে বিজেপি চৰকাৰক প্ৰতিহত কৰাৰ স্বাৰ্থত উমৈহতীয়া প্ৰাৰ্থী হিচাপে বিবেক দাসৰ নাম প্ৰস্তাৱ কৰে। একেদৰে অজিত কুমাৰ ভূঞাইয়ো বিজেপিৰ বিৰুদ্ধে শক্তিশালী ভূমিকা গ্ৰহণ কৰাৰ বাবে উমৈহতীয়া প্ৰাৰ্থীৰ পোষকতা কৰে। কংগ্ৰেছ দলৰ হৈ দেৱব্ৰত শইকীয়াই বক্তব্য প্ৰদান কৰে। নিখিল ভাৰত কংগ্ৰেছৰ অসমৰ দায়িত্বত থকা সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙৰ পৰামৰ্শ অনুযায়ী সভা পৰিচালনা কৰা অসমৰ সভাপতি ভূপেন কুমাৰ বৰাই এই সন্দৰ্ভত এখন প্ৰতিবেদন কংগ্ৰেছ হাইকমাণ্ডক দাখিল কৰিবৰ বাবে ওপৰত উল্লেখিত ৫জন নেতাক লৈ কমিটিখন ঘোষণা কৰে। এই কমিটিখনে ১৯-২০ অক্টোবৰৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব বুলি জানিব পৰা গৈছে৷  

উল্লেখযোগ্য যে উপ নিৰ্বাচন সন্দৰ্ভত সংবাদ মেল সম্বোধন কৰি মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে কয় যে ১৮ অক্টোবৰৰ পৰা মনোনয়নৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে৷ আৰু ১৩ নৱেম্বৰত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন। পুৱা ৭ বজাৰ পৰা আবেলি ৫ বজালৈ ভোটদান প্ৰক্ৰিয়া চলি থাকিব। পাঁচটা সমষ্টি ক্ৰমে ধলা‌ই এচ চিত, চিডলী,বিহালী,চামগুৰিত সৰ্বমুঠ ৯,১০,৬৬৫ ভোটাৰে নিৰ্ণয় কৰিব কেনে মাৰিব শেষ হাঁহি৷ 
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?