--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শেহতীয়াকৈ দূৰসংযোগ বিভাগে ম্যানমাৰ, লাওছ, কম্বোডিয়া আৰু ভিয়েটনামৰ দৰে দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ পৰা অহা প্ৰৱঞ্চনামূলক আন্তঃৰাষ্ট্ৰীয় ফোন আৰু চাইবাৰ অপৰাধ ৰোধৰ বাবে এক বৃহৎ অভিযান আৰম্ভ কৰিছে। ডিজিটেল জালিয়াতি প্ৰতিৰোধৰ লক্ষ্যৰে দূৰসংযোগ বিভাগে(DoT) এই দেশসমূহত প্ৰায় ৪.৮ লাখ ভুৱা মোবাইল সংযোগ চিনাক্ত কৰিছে।


Elderly Man Defrauded of Rs 32 Lakh in Delhi; Scammers Linked to Cambodia  Arrested | Delhi News - Times of India

বন্ধ কৰিলে ২ লাখৰো অধিক মোবাইল সংযোগ 

উল্লেখ্য যে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি বিভাগটোৱে এই পৰ্যন্ত ২ লাখ এনে সংযোগ বন্ধ কৰিছে। লগতে বাকী ২৮ লাখ ভুৱা সংযোগৰ বিৰুদ্ধে ব্যৱস্থা চলি আছে। মোবাইল সংযোগৰ উপৰিও ড’টে এই প্ৰৱঞ্চনামূলক কাম-কাজৰ সৈতে জড়িত ৬২০০ টা মোবাইল হেণ্ডছেট চিনাক্ত কৰি সমগ্ৰ ভাৰততে ব্লক কৰি ইয়াৰ অপব্যৱহাৰ ৰোধ কৰিছে। ভাৰতৰ ডিজিটেল আৰু বিত্তীয় আন্তঃগাঁথনিৰ নিৰাপত্তা নিশ্চিত কৰাৰ বাবে ড’টৰ সক্ৰিয় পদক্ষেপক প্ৰতিফলিত কৰা আন্তঃৰাষ্ট্ৰীয় ভুৱা কল প্ৰতিৰোধ ব্যৱস্থা আৰম্ভ হোৱাৰ পিছত এই কাৰ্য্য গৃহীত হৈছে।

উল্লেখ্য যে যোৱা কেইমাহমানত ডিজিটেল গ্ৰেপ্তাৰৰ গোচৰ দ্ৰুতগতিত বৃদ্ধি পাইছে। ইয়াৰ বাবে কেইবা কোটি টকাৰ লোকচান হৈছে। এনে পৰিস্থিতিত গৃহ মন্ত্ৰালয়ৰ চাইবাৰ জালিয়াতি সমন্বয় কেন্দ্ৰই (I4C) চাইবাৰ অপৰাধ পৰ্টেলত ডিজিটেল গ্ৰেপ্তাৰৰ অভিযোগৰ কথা মনত ৰাখি ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ জাৰি কৰিছে। অভিযোগ লাভ কৰাৰ লগে লগে আই ৪ চিয়ে মেটাৰ জনপ্ৰিয় প্লেটফৰ্ম হোৱাটছএপক এনে একাউণ্টৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ নিৰ্দেশ জাৰি কৰিছে। আচলতে চাইবাৰ জালিয়াতিৰ এক নতুন নতুন কৌশল প্ৰৱঞ্চকে সন্ধান কৰি থাকে। এই প্ৰৱঞ্চনাত কেলেংকাৰীকাৰীয়ে চিবিআই, ইডি, আয়কৰ বিষয়াৰ ৰূপ লৈ মানুহক ভয় খুৱাই ধন আদায় কৰে। এই প্ৰৱঞ্চনা কৰিবলৈ প্ৰৱঞ্চকে সামাজিক অভিযান্ত্ৰিকীৰ সহায় লয়। ইয়াৰ ফলত মানুহে বিশ্বাস কৰে যে প্ৰৱঞ্চকজন সঁচাকৈয়ে এজন বিষয়া। এনে পৰিস্থিতিত মানুহ ভয় খাই এনে চক্ৰত সোমাই পৰে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?