--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। হেয়াৰ ড্ৰাইয়াৰৰ বিস্ফোৰণৰ ফলত দুয়োখন হাত হেৰুৱালে এগৰাকী মহিলাই। কৰ্ণাটকৰ বাগালকোট জিলাত সংঘটিত হৈছে এই আচৰিত কাণ্ড।  

হেয়াৰ ড্ৰাইয়াৰ বিস্ফোৰণৰ ফলত এগৰাকী মৃত জোৱানৰ পত্নীৰ দুয়োখন হাত চিৰদিনলৈ হেৰাই যায়। বৰ্তমান মহিলাগৰাকী চিকিৎসালয়ত ভৰ্তি হৈ আছে। মহিলাগৰাকীৰ নাম বাসম্মা। বগালকোট জিলাৰ ইলকাল চহৰত বাস কৰে। 

জানিব পৰা অনুসৰি বাসম্মা এগৰাকী চুবুৰীয়া মহিলা শশীকলাই হেয়াৰ ড্ৰাইয়াৰটো অনলাইনযোগে অৰ্ডাৰ দিছিল। কিন্তু সেইসময়ত শশীকলা ঘৰত নথকাত বাসম্মাক অৰ্ডাৰটো ৰিচিভ কৰিবলৈ কয় আৰু হেয়াৰ ড্ৰাইয়াৰটো ঠিকে আছেনে পৰীক্ষা কৰিবলৈ কয়।

বাসম্মাই হেয়াৰ ড্ৰাইয়াৰটো অন কৰাৰ লগে লগে প্ৰচণ্ড বিস্ফোৰণ ঘটে আৰু মহিলাগৰাকীৰ দুয়োখন হাত বেয়াকৈ জ্বলি যায়। লগে লগে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়, য’ত তেওঁৰ দুয়োখন হাত কাটিবলগীয়া হয়।

মহিলাগৰাকীৰ স্বামীৰ নাম আছিল পাপন্না। তেওঁ সেনা জোৱান আছিল। ২০১৭ চনত জম্মু-কাশ্মীৰত শ্বৰ্ট চাৰ্কিটৰ ফলত মৃত্যু হৈছিল সেনা জোৱান পাপন্নাৰ। 

শশীকলাই এই ঘটনাৰ কথা গম পোৱাৰ লগে লগে তেওঁ খৰখেদাকৈ হস্পিতাল পালেগৈ বাসম্মাৰ অৱস্থা জানিবলৈ। অৱশ্যে চিকিৎসালয়ত শশীকলাই কোৱা কথাবোৰ আৰু আচৰিত ধৰণৰ আছিল। শশীকলাৰ মতে, তেওঁ কোনো হেয়াৰ ড্ৰাইয়াৰ অৰ্ডাৰ দিয়া নাছিল, কিন্তু হেয়াৰ ড্ৰাইয়াৰৰ পাৰ্চেলটো কেনেকৈ তাইৰ নামত আহিল তেওঁ নাজানে? 

পাৰ্চেলত শশীকলাৰ মোবাইল নম্বৰটো দেখি কুৰিয়াৰ কোম্পানীটোৰ কৰ্মচাৰীজনে শশীকলাক ফোন কৰি কৈছিল যে পাৰ্চেলটো তেওঁৰ নামত আহিছে। গ্ৰহণ কৰক। তেতিয়া শশীকলাই ক’লে যে বৰ্তমান মই আন এখন চহৰত আছো। আপুনি পিছত আহিব, কিন্তু ইয়াৰ পিছতো কুৰিয়াৰ কৰ্মচাৰীজনে বাৰে বাৰে শশীকলাক ফোন কৰি তেওঁৰ পাৰ্চেলটো ল’বলৈ কৈ আছিল। কুৰিয়াৰ কৰ্মচাৰীজনৰ ফোনত বিৰক্ত হৈ শশীকলাই চুবুৰীয়া বাসম্মাক ফোন কৰি ক’লে যে মোৰ এটা পাৰ্চেল আহিছে, অনুগ্ৰহ কৰি লৈ থওক।

প্ৰশ্ন উত্থাপন হয় হেয়াৰ ড্ৰাইয়াৰটোৰ কাৰণে কোনে টকা দিলে। এই হেয়াৰ ড্ৰাইয়াৰটো অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমৰ এটা কোম্পানীত নিৰ্মাণ কৰা বুলিও পোহৰলৈ আহিছে। এনে পৰিস্থিতিত এই বিস্ফোৰণে বহু সন্দেহৰ সৃষ্টি কৰিছে আৰু মানুহৰ মাজত আতংকৰ সৃষ্টি কৰিছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?