ডিজিটেল ডেস্কঃ ৰে’ল নহয় যেন ৰণক্ষেত্ৰহে৷ দিল্লী মেট্ৰ’ৰ ক্ষেত্ৰত তেনে ধাৰণাই সৃষ্টি হৈছে বহুতৰে মন৷ ডিএমআৰচিৰ নিৰন্তৰ সতৰ্কবাণী স্বত্বেও দিল্লী মেট্ৰ'ত কাজিয়া, হুলস্থূলৰ ঘটনা ঘটিয়েই আছে৷ । পূৰ্বেও দিল্লী মেট্ৰ’ৰ এনে বহু ভিডিঅ' পোহৰলৈ আহিছে যিবোৰ ভিডিঅ’ই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল৷ কেতিয়া কোনো যাত্ৰীয়ে মেট্ৰ'ত অশ্লীল আচৰণ কৰা, আপত্তিজনক ৰিল তৈয়াৰ কৰা আদি ভিডিঅ’ ভাইৰেল হৈছিল৷
শেহতীয়াকৈ দিল্লী মেট্ৰ'ৰ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ'ত দুগৰাকী মহিলাৰ মাজত কাজিয়া আৰু মাৰপিট লগা দেখা গৈছে৷ অৱশ্যে এই ভিডিঅ'টো কেতিয়াৰ বা ক’ৰ সেয়া নিশ্চিত কৰিব পৰা হোৱা নাই৷ প্ৰাগ নিউজ ডিজিটেলেও ভিডিঅ’টোৰ সত্য-সত্যতা পৰীক্ষা কৰা নাই৷ ভাইৰেল ভিডিঅ’টোৱে বেছ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে৷
আচৰিত কথাটো হ'ল দুই মহিলাৰ কাজিয়া আৰু মাৰপিটৰ সময়তো সেই সময়ত তাত উপস্থিত থকা আন কোনো যাত্ৰীয়েই তেওঁলোকৰ কাজিয়া ভাঙিবলৈ আগবাঢ়ি নাহিল৷ সকলোৱে মাথো নিৰুদ্বেগ হৈ কাজিয়া আৰু মাৰপিট চাইহে ৰ’ল৷ আন যাত্ৰীসকলৰ এনে আচৰণে বহুতকে আচৰিত কৰি তুলিছে৷