--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মঙলবাৰে পুৱতি নিশা বৰেলীৰ ফাতেহগঞ্জ পূৱ থানা এলেকাত সংঘটিত হয় এক অদ্ভুত কাণ্ড, য’ত লক্ষ্ণৌ-দিল্লী ৰাষ্ট্ৰীয় ঘাইপথত ডিভাইডাৰত খুন্দা মাৰে এখন গাড়ীয়ে। 

এই ঘটনাই এটা ডাঙৰ বন্যপ্ৰাণী সৰবৰাহৰ নেটৱৰ্কৰ কথা পোহৰলৈ আনিলে৷ দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে গাড়ীখনত থকা লোক দুজনে সেই স্থানৰ পৰা পলায়ন কৰে যদিও তাত উপস্থিত থকা লোকসকলে দেখা এক দৃশ্যই সকলোকে স্তম্ভিত কৰি তুলিলে।

স্থানীয় ৰাইজ আৰু আৰক্ষীয়ে যেতিয়া সেই স্থানত উপস্থিত হয় তেতিয়া গাড়ীৰ ভিতৰত এটা বস্তা উদ্ধাৰ কৰে, যিটো লৰচৰ কৰি আছিল। বস্তাটো খুলি দিয়াৰ লগে লগে ভিতৰৰ পৰা ১০ টা সোণালী বান্দৰ ওলাই আহিল। ইয়াৰে আঠটা সোণালী বান্দৰ খৰধৰকৈ ওলাই আহি ইফালে সিফালে পলাই যোৱাৰ বিপৰীতে দুটা সোণালী বান্দৰ আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ হয়। 

আৰক্ষীয়ে আহত সোণালী বান্দৰ দুটাক কাটৰাৰ পশু চিকিৎসালয়ত ভৰ্তি কৰে।

আৰক্ষীৰ তদন্তত জানিব পৰা মতে দুৰ্ঘটনাগ্ৰস্ত গাড়ীখনৰ চালক য়াছিন, আনহাতে গাড়ীখনৰ মালিক শ্বাহজাহানপুৰৰ নিবাসী বীৰেশ। আৰক্ষীয়ে এতিয়া এই সমগ্ৰ বিষয়টোৰ গভীৰ তদন্ত কৰি জানিবলৈ বিচাৰিছে সোণালী বান্দৰবোৰ ক’লৈ লৈ যোৱা হৈছিল আৰু এই চোৰাং ব্যৱসায়ৰ আঁৰৰ মানুহ কোন। বন্যপ্ৰাণী সুৰক্ষা আইনৰ অধীনত এটা গোচৰ ৰুজু কৰি অধিক ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?