--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ব্যক্তিগত কাৰণৰ দোহাই দি ভাৰতীয় অ'পেনাৰ যশস্বী জয়ছোৱালে নিজৰ ঘৰুৱা দল মুম্বাই এৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে। মুম্বাইৰ সৈতে থকা সময়ছোৱাত তেওঁৰ নাটকীয় উত্থানৰ পৰিপ্ৰেক্ষিতত ঘৰুৱা ক্রিকেট জগতত জয়ছোৱালৰ এই পদক্ষেপে জোকাৰণিৰ সৃষ্টি কৰিছে। 

জয়ছোৱালে মঙলবাৰে মুম্বাই এৰি গোৱালৈ যোৱাৰ ইচ্ছা ব্যক্ত কৰি মুম্বাই ক্রিকেট সস্থালৈ পত্ৰ প্ৰেৰণ কৰে। জয়ছোৱালৰ সেই অনুৰোধ গ্রহণ কৰে মুম্বাই ক্রিকেট সন্থাই। এই সিদ্ধান্তৰ পৰিপ্ৰেক্ষিতত অহা ছিজনত ২৩ বছৰীয়া বেটাৰগৰাকীক গোৱাৰ হৈ ঘৰুৱা ক্রিকেটত অংশ লোৱা দেখিবলৈ পোৱা যাব পাৰে। মুম্বাই ক্ৰিকেটৰ এগৰাকী কৰ্মকৰ্তাই কয়, 'হয়, আচৰিত কথা। তেওঁ নিশ্চয় এনেকুৱা পদক্ষেপ ল'বলৈ কিবা এটা ভাবি আছিল। তেওঁ আমাক মুম্বাই এৰি যোৱাৰ বাবে অনুৰোধ জনায় আৰু আমি তেওঁৰ অনুৰোধ ৰক্ষা কৰিলোঁ।' 

জয়ছোৱালে মুম্বাইৰ হৈ জম্মু আৰু কাশ্মীৰৰ বিৰুদ্ধে ৰঞ্জি ট্ৰফীত যোৱা ২৩-২৫ জানুৱাৰীত শেষবাৰলৈ খেলিছিল। সেই খেলখনত জয়ছোৱালে ৪ আৰু ২৬ ৰান কৰিছিল। মুম্বাই খেলখনত জম্মু আৰু কাশ্মীৰৰ হাতত ৫ উইকেটত পৰাজিত হৈছিল। ৰঞ্জি ট্ৰফীৰ ইতিহাসত জম্মু আৰু কাশ্মীৰৰ বিৰুদ্ধে মুম্বাই তেনেদৰেই দ্বিতীয়বাৰলৈ পৰাজিত হয়। জয়ছোৱালে ৰাষ্ট্ৰীয় দলৰ সৈতে খেল নথকাৰ সময়ত হয়তো গোৱাক নেতৃত্ব দিব পাৰে।

উৎসঃ দৈনিক জনমভূমি
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?