--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শেহতীয়া কৈ যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হিচাপে ড'নাল্ড ট্ৰাম্পৰ দ্বিতীয় কাৰ্যকালৰ সম্ভাৱ্য লাভৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি এক বিবৃতি প্ৰকাশ কৰি চৰ্চা লাভ কৰিছে শংকৰাচাৰ্য অবিমুক্তেশ্বৰানন্দ সৰস্বতীয়ে। তেওঁ বিবৃতিত উল্লেখ কৰিছে যে ট্ৰাম্পৰ পূৰ্বৰ কাৰ্যকালত ভাৰতৰ বাবে কোনো উল্লেখযোগ্য অৱদান নাছিল।

ৰাষ্ট্ৰপতি ট্ৰাম্পৰ প্ৰথম কাৰ্যকালৰ কথা উদ্ধৃতি দি তেওঁ কয় যে ট্ৰাম্পৰ ৰাষ্ট্ৰপতিত্বই ভাৰত আৰু আমেৰিকাৰ সম্পৰ্কত কোনো বিশেষ পৰিৱৰ্তন নঘটাই। একে সময়তে অনুপ্ৰৱেশকাৰীৰ সন্দৰ্ভত ট্ৰাম্পে গ্ৰহণ কৰা সম্ভাৱ্য পদক্ষেপক লৈ উদ্বেগ প্ৰকাশ কৰিছে শংকৰাচাৰ্য অৱিমুক্তেশ্বৰানন্দ সৰস্বতীয়ে।

মোদীৰ ট্ৰাম্পৰ সৈতে ব্যক্তিগত সম্পৰ্ক এটা পৃথক বিষয়, ইয়াত ৰাষ্ট্ৰীয় প্ৰভাৱৰ কথা নাথাকে। ট্ৰাম্পৰ পূৰ্বৰ কাৰ্যকালতো ভাৰতৰ বাবে কোনো উল্লেখযোগ্য অৱদান নাছিল৷ নিৰ্বাচনৰ সময়ত ট্ৰাম্প ঘোষণা কৰিছিল যে এক কোটি বাহিৰাগতক আমেৰিকাৰ পৰা বাহিৰলৈ উলিয়াই দিব। এই এক কোটিত ভাৰতীয়ও দুই-চাৰি লাখ লোকো থাকিব বুলি কটাক্ষ কৰে৷ 

ইয়াৰ উপৰিও, শংকৰাচাৰ্য অৱিমুক্তেশ্বৰানন্দ সৰস্বতীয়ে জম্মু আৰু কাশ্মীৰত অনুচ্ছেদ ৩৭০ পুনৰ বাহাল ৰখাৰ আহ্বান জনায়। তেওঁ কয় যে ৩৭০ অপসাৰণে আশা কৰা দৰে ফলপ্ৰসূ হোৱা নাই আৰু ইয়াৰ পৰিৱৰ্তে বিভিন্ন সমস্যাৰহে সৃষ্টি কৰিছে। অঞ্চলটোৰ বিশেষ প্ৰয়োজন আৰু সমস্যাসমূহ সমাধান কৰিবলৈ অনুচ্ছেদ ৩৭০ পুন বাহাল কৰাটো অত্যন্ত গুৰুত্বপূর্ণ বুলি মন্তব্য কৰে৷

উল্লেখযোগ্য যে ড’নাল্ড ট্ৰাম্পে প্ৰথম কাৰ্যকালত ভাৰতৰ বিৰুদ্ধে কিছু অৰ্থনৈতিক পদক্ষেপ গ্ৰহণ কৰিছিল৷ প্ৰধানত ভাৰতক জেনেৰেলাইজড চিষ্টেম অৱ প্ৰেফাৰেন্স (জিএছপি)ৰ পৰা আঁতৰাই পেলোৱা অৱশ্যে ভাৰতত ইয়াৰ কোনো বিৰূপ প্ৰভাৱ পৰা নাছিল। তথাপি ভৰতলৈ অহা প্ৰত্যক্ষ বিদেশী বিনিয়োগত ট্ৰাম্প প্ৰশাসনে গ্ৰহণ কৰা পদক্ষেপৰ দ্বাৰা প্ৰভাৱিত হ’ব পাৰে। কিন্তু এতিয়া  ভাৰত কেৱল আমেৰিকাৰ বিনিয়োগৰ ওপৰত নিৰ্ভৰশীল নহয়।

ট্ৰাম্পৰ আমেৰিকা প্ৰথম নীতিয়ে ভাৰতৰ বাণিজ্যত অধিক হেঁচা প্ৰয়োগ কৰৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছেকাৰণ নিৰ্বাচনী প্ৰচাৰত ট্ৰাম্পে জোৰ দি কৈছে যে আমেৰিকাৰ প্ৰতিটো খণ্ডতে বিদেশী লোকে কাম কৰি আছে, যাৰ বাবে আমেৰিকাৰ নাগৰিক নিবনুৱা হৈ পৰিছে৷ আমেৰিকাৰ  নিবনুৱা সমস্যা বৃদ্ধিৰ সন্দৰ্ভত ট্ৰাম্প চৰকাৰে কিছু কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে, যাৰ ফলত ভাৰতীয় জনসাধাৰণৰ ওপৰত বেয়া প্ৰভাৱ পৰিব পাৰে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?