--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: একালৰ বিজেপিৰ নেতা তথা বৰ্তমানৰ এন চি পি শৰদ পাৱাৰ ফৈদৰ নেতা একনাথ খাদছে মহাৰাষ্ট্ৰৰ বিধানসভাৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনটোতে সোমবাৰে ৰাজনীতিৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছে।কোনো নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এন চি পিৰ নেতা গৰাকীয়ে। প্ৰায় চাৰি দশক ধৰি জলগাঁও জিলাৰ লগতে, মহাৰাষ্ট্ৰৰ ৰাজনীতিতো  আধিপত্য বিস্তাৰ কৰা খাদছে তেওঁৰ কণ্যা এন চি পিৰ প্রার্থী ৰোহিনী খাদছেক জয়ী কৰাবলৈ আহ্বান জনাইছে নেতাগৰাকীয়ে। 

কন্যা ৰোহিনী খাদছে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা ভিডিঅ’টোত একনাথ খাদছে কয় যে ‘২০ নৱেম্বৰত বিধানসভা নিৰ্বাচন। এই নির্বাচনত এন চি পিৰ প্রার্থী ৰোহিনী খাদছে৷ মই আৰু প্ৰতিদ্বন্দ্বিতা নকৰো।’ আপোনালোকৰ লগত বহু বছৰ ধৰি আছো। সকলোৱে বছৰ বছৰ ধৰি সমৰ্থন কৰি আহিছে। জাতি ধৰ্মৰ ওপৰত উঠি আমি সকলোকে সহায় কৰিছো বুলি উল্লেখ কৰিছে৷ লগতে তেওঁ কয় যে স্বাস্থ্যজনিত কাৰণত পৰৱৰ্তী নিৰ্বাচন দেখিবলৈ নাপবও পাৰো বুলি আৱেগিক হৈ  তেওঁক যিদৰে সমৰ্থন কৰিছে, ৰোহিনী খাদছেকো সমৰ্থন জনাই নিৰ্বাচিত কৰিবলৈ আহ্বান জনাইছে৷

উল্লেখনায় যে বিজেপি নেতা গোপীনাথ মুণ্ডেৰ সৈতে একনাথ খাদছে এটা সময়ত বিজেপিৰ গুৰুত্বপূৰ্ণ ব্যক্তিত্ব আছিল।কোথাৰি গাঁৱৰ সৰ্পঞ্চ হিচাপে ১৯৮৭ চনত একনাথ খাদছেই ৰাজনৈতিক জীৱনৰ আৰম্ভণি কৰিছিল। ইয়াৰ পাছত তেওঁ ৰাজনৈতিক জীৱনত কেতিয়াও পিছলৈ ঘূৰি চাব লগীয়া হোৱা নাই। তেওঁ বিধায়ক, বিৰোধী দলৰ নেতা হোৱাৰ উপৰিও ১২টা বিভাগৰ মন্ত্ৰী পদতো অধিষ্ঠিত হৈছিল। 

এটা সময়ত মুখ্যমন্ত্ৰী পদৰ দৌৰত তেওঁৰ নাম উল্লেখ কৰা হৈছিল কিন্তু দেৱেন্দ্ৰ ফাদনৱীৰ সৈতে মতানৈক্যৰ পিছত বিজেপিত একনাথ খাদছেৰ মৰ্যাদা হ্ৰাস পাবলৈ ধৰিলে আৰু তেওঁৰ  ২০২০ চনত বিজেপি ত্যাগ কৰি এনচিপিত যোগদান কৰে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?