--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বায়ু প্ৰদূষণে ভয়ানক ৰূপ ধাৰণ কৰিছে দিল্লীত৷ ১৮ নৱেম্বৰ সোমবাৰে বহু এলেকাত বায়ুৰ গুণাগুণ সূচকাংক ৫০০ অতিক্ৰম কৰিছে। বৰ্ধিত প্ৰদূষণৰ সৈতে মোকাবিলা কৰিবলৈ গ্ৰেডেড ৰেচপন্স একচন প্লেন (জি আৰ এ পি) ষ্টেজ ৪ৰ অধীনত সৰ্বোচ্চ প্ৰদূষণ বিৰোধী নিষেধাজ্ঞা সোমবাৰে পুৱাৰে পৰা কাৰ্যকৰী হৈছে বুলি সদৰি কৰিছে। সম্প্ৰতি দিল্লীৰ এনে পৰিস্থিতিয়ে উদ্বেগৰ সৃষ্টি কৰিছে৷

সোমবাৰে উচ্চতম ন্যায়ালয়ে দিল্লীত বায়ু প্ৰদূষণ ৰোধৰ ব্যৱস্থা ৰূপায়ণৰ দাবীৰ সন্দৰ্ভত এখন আবেদনৰ শুনানি গ্ৰহণ কৰি ৰাজধানীত বৃদ্ধি পোৱা বায়ু প্ৰদূষণৰ মাত্ৰাক লৈ উচ্চতম ন্যায়ালয়ে দিল্লী চৰকাৰ আৰু অন্যান্য কৰ্তৃপক্ষক তীব্ৰ গৰিহণা দিছে। 

ন্যায়াধীশ অভয় এছ. ওকা আৰু ন্যায়াধীশ অগাস্টিন জৰ্জ মাছিহৰ বিচাৰপীঠে  ৰাজধানীত বায়ুৰ গুণাগুণ সূচকাংক বিপজ্জনক মাত্ৰাত উপনীত হোৱাৰ পিছতো জি.আৰ.এ.পিৰ চতুৰ্থ পৰ্যায়ৰ অধীনত প্ৰতিৰোধমূলক ব্যৱস্থা ৰূপায়ণত পলম হোৱাত অসন্তুষ্টি প্ৰকাশ কৰিছে৷ 

সোমবাৰৰ পৰা জি.আৰ.এ.পি চতুৰ্থ পৰ্যায় কাৰ্যকৰী কৰা হৈছে আৰু ৰাষ্ট্ৰীয় ৰাজধানীত গধুৰ বাহনৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে বুলি দিল্লী চৰকাৰৰ অধিবক্তাই বিচাৰপীঠক জনায়৷ 

বিচাৰপীঠে বিপজ্জনকভাৱে বৰ্ধিত প্ৰদূষণৰ মাত্ৰা ৰোধৰ বাবে কি পদক্ষেপ গ্ৰহণ কৰিছে সেই সন্দৰ্ভত  জনাবলৈ নিৰ্দেশ দিছে। বিচাৰপীঠে কয়, বায়ুৰ গুণাগুণ সূচকাংক ৪৫০ৰ তললৈ নিম্নগামী হলেও, চতুৰ্থ পৰ্যায়ৰ অধীনত প্ৰতিৰোধমূলক ব্যৱস্থাসমূহ বাহল থকিব বুলি কয়। আদালতে নিৰ্দেশ নিদিয়ালৈ চতুৰ্থ পৰ্যায় চলি থাকিব বুলি উল্লেখ কৰে৷

আদালতে দিল্লী চৰকাৰ আৰু অন্যান্য বিষয়াক নিৰ্মাণ কাৰ্যত নিষেধাজ্ঞাৰ সন্দৰ্ভত প্ৰশ্ন কৰাৰ  সময়ত ১১ নং আদালতৰ ঠিক বাহিৰত নিৰ্মাণ কাৰ্য্য চলি আছে বুলি জ্যেষ্ঠ অধিবক্তা গোপাল শংকৰানাৰায়ণে উচ্চতম ন্যায়ালয়ক জনায়৷

ন্যায়ালয়ে লগে লগে সাধাৰণ সম্পাদকক আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দি কৰি বাৰ্তা প্ৰেৰণ কৰে। লগতে উচ্চতম ন্যায়ালয়ে দিল্লী আৰু এনচিআৰ চৰকাৰক বিদ্যায়ত দ্বাদশ শ্ৰেণীলৈকে সকলো ছাত্ৰ-ছাত্ৰীৰ পাঠদান স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে৷
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?