ডিজিটেল ডেস্কঃ এটা ভিডিঅ’ Discover GuangZhou নামৰ একাউণ্টৰ পৰা ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত পোষ্ট কৰা হৈছিল আৰু কেপচনত লিখা আছিল, ভাটৌ এটা দন্ত চিকিৎসক হ’ব পাৰেনে? যোৱা ৫ মে’ত চীনৰ ঝেজিয়াং প্ৰদেশত এজন ল’ৰাৰ গাখীৰ দাঁত তেওঁৰ পোহনীয়া ভাটৌটোৱে মাত্ৰ এক চেকেণ্ডতে উভালি পেলাই ৷ এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত এতিয়া ব্যাপক চৰ্চিত হৈছে ৷
ভাটৌ এবিধ পোহনীয়া চৰাই যিটো চঞ্চলতা আৰু মানুহৰ অনুকৰণৰ বা নকল কৰাত পাকৈত ৷এনেধৰণৰ বহু ভিডিঅ’ প্ৰায়ে ছ’চিয়েল মিডিয়াত প্ৰকাশ পায়, য’ত ভাটৌৱে মানুহৰ মাত অনুকৰণ কৰা দেখা যায়, আৰু কেতিয়াবা মানুহৰ দৰে সম্পূৰ্ণ কথা কয়। শেহতীয়াকৈ এটা ভিডিঅ’ ভাইৰেল হৈছে, য’ত দেখা গৈছে যে ভাটৌৰ কেৱল অনুকৰণ কৰাতকৈও অধিক বিশেষ ক্ষমতা আছে। য'ত ভাটৌটোৱে মাত্ৰ কেইছেকেণ্ডমানৰ ভিতৰতে এটি শিশুৰ বেয়া দাঁত উভালি আনিছে ৷ ভাটৌটোৰ এই প্ৰতিভা দেখি অবাক শিশুটি ৷
এই ভাইৰেল ভিডিঅ’ত আপোনাৰ বিশ্বাস নহ’ব যে ভাটৌ এটাই ইমান নিখুঁতভাৱে দাঁত আঁতৰাব পাৰে। এই ভিডিঅ'টোত কপৌটোৱে হুবহু দন্ত চিকিৎসকৰ দৰে কাম কৰা দেখা গৈছে। ইয়াৰ ঠোঁটৰ পৰা দাঁত উলিওৱাৰ ধৰণটো দেখি সকলো আচৰিত হৈছে ।