--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

গুৱাহাটী : বিধানসভা নিৰ্বাচনৰ ৰাইজৰ দলে প্ৰথম পৰ্যায়ৰ ১২টা সমষ্টিত, দ্বিতীয় পৰ্যায়ৰ ৬টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। আজি ৰাইজৰ দলৰ প্ৰথম পৰ্যায়ৰ ১১ জনীয়া প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছে৷ কাৰাৰুদ্ধ কৃষক নেতা অখিল গগৈয়ে দুটা সমষ্টিৰ পৰা খেলিব নিৰ্বাচন।

আৰু পঢ়িব পাৰিব : দৰাৰ মুখ দেখি বিবাহৰ মণ্ডপৰ পৰা ওলাই গ’ল কইনা: অভিযোগ দৰা সলনি

শিৱসাগৰৰ পৰা অখিল গগৈয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব নিৰ্বাচনত৷ ইয়াৰ উপৰি চাবুৱাত দ্বিবনজ্যোতি ফুকন, মৰাণত মোহিনী মোহন লিগিৰা, মাহমৰাত লোহিত গগৈ, টীয়কত কবীন্দ্ৰ চেতিয়া ফুকন, বোকাখাটত জীৱন বৰা, ৰূপহীহাটত নজৰুল ইছলাম, ধিঙত মেহবুব মোকটাব, তেজপুৰত অলক নাথ, বিহপুৰীয়াত অনুপ শইকীয়া, ৰঙাপাৰাত বিজয় তিৰ্কীয়ে প্ৰাৰ্থিত্ব লাভ কৰিছে ৰাইজৰ দলৰ পৰা৷

আনহাতে, ৰাইজৰ দলৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাৰ্থী তালিকাও প্ৰস্তুত কৰিছে৷ ৰহাৰ পৰা ৰুবুল দাস, ৰঙিয়াৰ হৰেশ্বৰ বৰ্মন, কমলপুৰৰ জিতুল ডেকা, উত্তৰ কৰিমগঞ্জৰ চাহাদুল ইছলাম চৌধুৰী, দলগাঁৱত ওমৰ আলী, যমুনামুখত দিলোৱাৰা বেগম চৌধুৰীয়ে লাভ কৰিছে প্ৰাৰ্থিত্ব৷

আৰু পঢ়িব পাৰিব : কংগ্ৰেছ ত্যাগৰ দিশে জ্যেষ্ঠ নেতা শৰৎ বৰকটকী : প্ৰাৰ্থীৰ তালিকা ঘোষণাৰ সম্ভাৱনা

আনহাতে, অসম জাতীয় পৰিষদৰ সৈতে কিছু মতবিৰোধৰ চৰ্চা চলি থকাৰ মাজতে তেঁওলোকে কয়, ‘যদিও একেলগে সংবাদমেল দিব নোৱাৰিলো, তথাপি আমি নিৰ্বাচনত একেলগ হৈ যুজঁ দিম। দুয়োটাই আমি মিত্ৰ দল। যিয়েই সমস্যা উদ্ভৱ নহওক, আমি দুয়োটা দলেই আলাপ-আলোচনাৰ মাজেৰেই সকলো সমাধান কৰিম।’ লগতে কমদিনৰ ভিতৰতেই এটা উমৈহতীয়া প্ৰতীক চিহ্ন ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰি আছে বুলিও জানিবলৈ দিয়ে৷

ধিং, ৰঙাপাৰা আৰু বিহপুৰীয়াত AJP আৰু ৰাইজৰ দলৰ দুয়ো দলৰে প্ৰাৰ্থী আছে যদিও পৰৱৰ্তী পৰ্যায়ত আলোচনামৰ্মে সিদ্ধান্তত উপনীত হোৱাৰ ঘোষণা কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?