--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাকাশচাৰী সুনীতা উইলিয়ামছে ৯ মাহৰ অন্তত তেওঁৰ সহযোগী বাচ্চ উইলম’ৰৰ সৈতে পৃথিৱীলৈ উভতি আহিছে। মহাকাশত প্ৰায় ৯ মাহ কাল কটোৱাৰ পিছত স্পেচএক্স ড্ৰেগন মহাকাশযানেৰে ধৰাত উপস্থিত হয় ভাৰতীয় মূলৰ আমেৰিকান মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু তেওঁৰ সংগী বাচ্চ উইলম’ৰ। 

উল্লেখ্য যে, ভাৰতীয় সময় অনুসৰি ১৯ মাৰ্চৰ পুৱতি নিশা প্ৰায় ৩:২৭ বজাত ফ্লোৰিডাৰ সমুদ্ৰ পৃষ্ঠত অৱতৰণ কৰিলে ইলন মাস্কৰ SpaceXৰ Dragon। 

সুনীতা নিৰাপদে ঘূৰি অহাৰ বাবে অহৰহ প্ৰাৰ্থনা কৰি আছিল বিশ্ববাসীয়ে। এতিয়া তেওঁলোকৰ সফল অৱতৰণত সকলোতে বৈছে আনন্দৰ বন্যা। সুনীতাৰ পৃথিৱী পদাৰ্পণত মূল শিপাৰ গাঁও গুজৰাটৰ মেহছানাত বিশাল আতচবাজীৰে আৱতৰীয়া দীপাৱলী উদযাপন কৰা হৈছে। 

এনে সুখৰ মুহূৰ্ততে সুনীতাৰ ভগ্নী ফাল্গুনী পাণ্ডিয়াই এক বিশেষ কথা ব্যক্ত কৰিছে। ফাল্গুনীয়ে কয় যে ''সুনীতা উইলিয়ামছ অত্যন্ত ঈশ্বৰবিশ্বাসী। তেওঁ আধ্যাত্মিকতাত বিশ্বাস ৰাখে। ভগৱান গণেশক সুনীতাই নিজৰ বাবে লাকী বুলি গণ্য কৰে। সুনীতা উইলিয়ামছে ভগৱান গণেশৰ মূৰ্তি এটা লগত লৈ মহাকাশ কেন্দ্ৰলৈ গৈছিল আৰু গোটেই ৯ মাহ নিজৰ লগত ৰাখিছিল। ভগৱান গণেশ সদায় তেওঁৰ লগত আছে। ইয়াৰ পূৰ্বেও মহাকাশ ভ্ৰমণৰ সময়ত সুনীতাই ভাগৱত গীতা, শিৱ আৰু ঔমক কঢ়িয়াই লৈ গৈছিল।''

উল্লেখ্য যে সুনীতা উইলিয়ামছৰ পূৰ্বপুৰুষৰ গাঁও গুজৰাটৰ মেহছানাৰ ঝুলাছানত। মেহছানা সুনীতাৰ পিতৃ দীপক পাণ্ডিয়াৰ পূৰ্বপুৰুষৰ গাঁও। তেওঁৰ আত্মীয়-স্বজন ইয়াতেই থাকে। সুনীতাৰ ভাৰতৰ প্ৰতিও বৰ ভালপোৱা আছে। ভাৰতলৈও বহুবাৰ আহিছে। ফাল্গুনী পাণ্ডিয়াই কয় যে পৃথিৱীলৈ উভতি অহাৰ পিছত সুনীতাই ভাৰতলৈ অহাৰ পৰিকল্পনা কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?