--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৱশেষত বহু প্ৰতীক্ষাৰ অন্ত পেলাই পৃথিৱীত ভৰি দিলেহি সুনীতা উইলিয়ামছে। পৃথিৱীবাসীয়ে পেলাইছে স্বস্তিৰ নিঃশ্বাস। মহাকাশত প্ৰায় ৯ মাহ কাল কটোৱাৰ পিছত স্পেচএক্স ড্ৰেগন মহাকাশযানেৰে ধৰাত উপস্থিত ভাৰতীয় মূলৰ আমেৰিকান মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু তেওঁৰ সংগী বাচ্চ উইলম’ৰ। 

২৮৬ দিনৰ অন্তত নিৰাপদে পৃথিৱীলৈ উভতি আহিৃল মহাকাশচাৰীদ্বয়।

উল্লেখ্য যে, ভাৰতীয় সময় অনুসৰি পুৱতি নিশা প্ৰায় ৩:২৭ বজাত ফ্লোৰিডাৰ সমুদ্ৰ পৃষ্ঠত স্প্লেছডাউন বা অৱতৰণ কৰিলে ইলন মাস্কৰ SpaceXৰ Dragon।

মঙলবাৰে পুৱা ৮:১৫ বজাত বন্ধ কৰা হৈছিল স্পেচএক্সৰ দুৱাৰ। প্ৰায় ১০.৩৫ বজাত হেচ্চ বন্ধ আৰু আই এছ এছৰ পৰা আনডক কৰাৰ পিছত আন দুজন মহাকাশচাৰীৰ সৈতে আন্তঃৰাষ্ট্ৰীয় মহাকাশৰ পৰা প্ৰস্থান কৰিছিল সুনিতা আৰু উইলম’ৰে।

ভাৰতীয় সময় অনুসৰি মঙলবাৰে ১০ বাজি ৩৫ মিনিটত কৰা হৈছিল আনডকিং, অৰ্থাৎ SpaceX ড্ৰেগনৰ সৈতে আন্তৰ্জাতিক মহাকাশ আস্থানৰ সংযোগ বিচ্ছিন্ন কৰা হৈছিল।

উল্লেখযোগ্য যে, ২০২৪ৰ ৫ জুনত ৮ দিনৰ বাবে মহাকাশলৈ গৈছিল সুনীতা উইলিয়াম আৰু বাচ্চ উইলম’ৰ। কিন্তু ব’য়িং ষ্টাৰলাইনাৰ মহাকাশযানত হোৱা বিজুতিৰ বাবে উভতি আহিব নোৱাৰিলে সুনীতা আৰু বাচ্চ। 

যান্ত্ৰিক বিজুতিৰ বাবে ব’য়িং ষ্টাৰলাইনাৰ মহাকাশযানত মানুহ লৈ উভতি অহাটো বিপজ্জনক হ’ব বুলি আশংকা কৰা হৈছিল। সেয়েহে সুনীতা আৰু বাচ্চ উইলম’ৰক আন্তৰ্জাতিক মহাকাশ আস্থানতে ৰাখি খালী যানখনকে উভতাই অনা হৈছিল।

ফলত ISSত ৯ মাহ আবদ্ধ হৈ পৰিছিল সুনীতা। তাৰ পিছত কেইবাবাৰো তেওঁলোকক উভতাই অনাৰ বাবে চেষ্টা কৰা হৈছিল যদিও সফল হোৱা নাছিল। অৱশেষত ইলন মাস্কৰ সহযোগত পৃথিৱীলৈ উভতি আহিল সুনীতা উইলিয়ামছ।

ইলন মাস্ককো কৃতজ্ঞতা জনাইছে বিশ্ববাসীয়ে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?