--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ 'দ্য মাউণ্টেন মেন' ছবিখনৰ বিষয়ে আপুনি জানেনে? এটা পাহাৰৰ বাবে বহু কিলোমিটাৰ যাত্ৰা কৰি অসুস্থ পত্নীৰ সৈতে চিকিৎসালয় পোৱাৰ পিছতো, চিকিৎসালয় আহি পোৱাত পলম হোৱা বাবে তেওঁক ৰক্ষা কৰিব নোৱাৰিলে। পত্নীৰ মৃত্যুৰ পিছত পত্নীক হেৰুৱাৰ বেদনাত বিহাৰৰ দশ্ৰথ মাঝিয়ে পাহাৰ কাটি নিজে এটা পথ নিৰ্মাণ কৰে। ২০০৭ চনত তেওঁৰ মৃত্যুৰ পাছত কেইবছৰমান পিছত তেওঁৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা হৈছিল বলীউডৰ ছবি ‘মাঝি দ্য মাউণ্টেন মেন’। মুখ্য চৰিত্ৰত অভিনয় কৰিছিল অভিনেতা নৱাজুদ্দিন ছিদ্দিকীয়ে। 

বুধবাৰে দ্য মাউণ্টেন মেন দশৰথ মাঝিৰ পুত্ৰই ভগীৰথে কংগ্ৰেছত যোগদান কৰি সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰে।একে সময়তে দিল্লীত জেডি(ইউ)ৰ প্ৰাক্তন সাংসদ তথা পিছপৰা পাছমাণ্ডা মুছলমান সম্প্ৰদায়ৰ নেতা আলী আনোৱাৰ, পিছপৰা প্ৰজাপতি সম্প্ৰদায়ৰ সামাজিক সংগঠন ‘অল ইণ্ডিয়া প্ৰজাপতি কুম্ভৰ সংঘ’ৰ মুৰব্বী মনোজ প্ৰজাপতি, পদ্মশ্ৰী বঁটা বিজয়ী চিকিৎসক জগদীশ প্ৰসাদ (আম আদমী পাৰ্টিৰ নেতা)আৰু বিজেপিৰ দুই প্ৰাক্তন মুখপাত্ৰ নিশান্ত আনন্দ আৰু নিখাত আব্বাছে কংগ্ৰেছত যোগদান কৰে।


চলিত বৰ্ষৰ শেষৰ ফালে অনুষ্ঠিত হ’ব লগীয়া বিহাৰ বিধানসভা নিৰ্বাচনত লালু প্ৰসাদৰ আৰজেডি আৰু বাওঁপন্থীয়ে গঠন কৰা ‘মহাগঠবন্ধন’ মিত্ৰজোঁটত আছে কংগ্ৰেছ। অৱশ্যে শেহতীয়াকৈ লালুৰ পুত্ৰ তথা প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱে বিধানসভা নিৰ্বাচনত বিভিন্ন সমীকৰণ হ’ব পাৰে বুলি ইংগিত দিছিল। দৰাচলতে ১৯৯০ চনৰ বিধানসভা নিৰ্বাচনত চুবুৰীয়া ৰাজ্য বংগত ক্ষমতা হেৰুৱাৰ পৰাই  ক্ৰমান্বয়ে কংগ্ৰেছ তাত এক প্ৰান্তীয় শক্তিলৈ পৰিণত হৈছে। প্ৰয়াত দশৰথে একক যুদ্ধৰ সন্মুখত ‘অভেদ্য পৰ্বত’ কেনেকৈ ভেদ কৰিব পাৰে তাৰ নিদৰ্শন দেখুৱাই গৈছে যদিও। পুত্ৰ ভগীৰথৰ যুঁজখনো নিশ্চয়কা জহজ নহ’ব।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?