--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমাৰ বহু সংখ্যকৰে প্ৰিয় শীতল পানীয়। বিশেষকৈ গৰমত শৰীৰক অলপ আৰাম দিবৰ বাবে সততে শীতল পানীয়ৰ আশ্ৰয় লোৱা হয়। আমি সেৱন কৰা শীতল পানীয়ই স্বাস্থ্যৰ ওপৰত কি প্ৰভাৱ পেলাব পাৰে সেয়া হয়তো আমি ভাবি চোৱা নাই? এক গৱেষণাত পোহৰলৈ আহিছে যে, হাই চুগাৰ লেবেল থকা পানীয় খোৱাৰ ফলত মানুহৰ স্বাস্থ্যত বিৰূপ প্ৰভাৱ পৰিছে।

শেহতীয়াকৈ নেচাৰ মেডিচিনে এক গৱেষণাত প্ৰকাশিত তথ্য অনুসৰি ২০২০ চনত হাই চুগাৰ লেবেলৰ শীতল পানীয় সেৱনৰ ফলত বিশ্বজুৰি প্ৰায় ২২ লাখ লোক টাইপ ২ ডায়েবেটিছ ৰোগত আক্ৰান্ত হৈছে।  নেচাৰ মেডিচিনে এই গৱেষণাত ১৮৪খন দেশৰ সমীক্ষা চলাইছিল। গৱেষণাত পোহৰলৈ আহিছে যে  অধিক চেনিযুক্ত শীতল পানীয় খোৱাৰ বাবে বিশ্বজুৰি কিমানজন লোক ডায়েবেটিছ আৰু হৃদৰোগৰ কৱলত পৰিছে। টাইপ ২ ডায়েবেটিছ ৰোগীৰ উপৰিও গৱেষকসকলে অনুমান কৰিছে যে, হৃদৰোগৰ ১২ লাখ ৰোগী শীতল পানীয় সেৱনৰ সৈতে জড়িত হৈ আছে।

উল্লেখ্য যে বিশ্বজুৰি পুৰুষে মহিলাতকৈ অধিক শীতল পানীয় সেৱন কৰে বুলি এই অধ্যয়নত প্ৰকাশ পাইছে। ইয়াৰোপৰি যুৱক-যুৱতীসকলেও অধিক শীতল পানীয় সেৱন কৰে বুলি তথ্য প্ৰকাশ পাইছে। শীতল পানীয়ৰ ফলত হোৱা ৰোগৰ মাত্ৰা বিশ্বৰ বিভিন্ন অঞ্চলত বেলেগ বেলেগ। আৰু গৱেষণাত কোৱা হৈছে যে, সৰ্বাধিক পৰিমাণৰ শীতল পানীয় খোৱাৰ বাবে লেটিন আমেৰিকা, কেৰিবিয়ান আৰু উপ-চাহাৰা আফ্ৰিকাত সৰ্বাধিক লোক অসুস্থ হৈ পৰিছে।

উল্লেখযোগ্য যে উপ-চাহাৰা আফ্ৰিকাৰ ২১ শতাংশ লোক শীতল পানীয় সেৱনৰ বাবে ডায়েবেটিছৰ বলি হৈছে। লেটিন আমেৰিকা আৰু কেৰিবিয়ানত ২৪ শতাংশ ডায়েবেটিছ আৰু ১১ শতাংশ হৃদৰোগত আক্ৰান্ত হোৱাৰ তথ্য পোৱা গৈছে।

এই গৱেষণাত প্ৰকাশিত তথ্য অনুসৰি ২০২০ চনত কলম্বিয়াত ৫০ শতাংশ ডায়েবেটিছ ৰোগীৰ কাৰণ আছিল চেনিযুক্ত শীতল পানীয়। আমেৰিকাতো শীতল পানীয় খোৱাৰ বাবে টাইপ ২ ডায়েবেটিছ ৰোগীৰ সংখ্যা বৃদ্ধি পোৱা বুলি জানিব পৰা গৈছে। আমেৰিকাত ১৯৯০ চনৰ পৰা ২০২০ চনলৈ প্ৰতি ১০ লাখ লোকৰ বিপৰীতে ৬৭১ জন ডায়েবেটিছত আক্ৰান্ত। মধ্যবিত্তীয় দেশসমূহত চেনিযুক্ত শীতল পানীয়ৰ বজাৰ বৃহৎ পৰিসৰ হোৱা বাবে তেওঁলোকৰ স্বাস্থ্যৰ ওপৰতো যথেষ্ঠ প্ৰভাৱ পৰে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?