--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইউটিউব শ্ব’ ‘ইণ্ডিয়াজ গট লেটেণ্ট’ত সময়ত অশ্লীল মন্তব্য কৰা ৰণবীৰ এলাহাবাদিয়াৰ আবেদনৰ শুনানি গ্ৰহণ কৰা হয় আজি অৰ্থাৎ মঙলবাৰে ৷ এলাহাবাদিয়াৰ মন্তব্যৰ ওপৰত তীব্ৰ সমালোচনা কৰি ন্যায়াধীশ সূৰ্যকান্ত আৰু এন কে সিঙক লৈ গঠিত বিচাৰপীঠে তেওঁৰ অধিবক্তা অভিনৱ চন্দ্ৰচূড়ক কয় যে এনে আচৰণ গৰিহণাৰ যোগ্য ।

ৰণবীৰ এলাহাবাদিয়াৰ বিষয়ে কি ক’লে আদালতে?

আদালতে কয় যে তেওঁলোকৰ মনটো লেতেৰা। তেনে ব্যক্তিৰ যুক্তি আমি কিয় শুনিব লাগে? আদালতে কয় যে, "যি বিকৃত মানসিকতা প্ৰদৰ্শিত হৈছে, সেইটোৱে সমগ্ৰ সমাজখনকে লজ্জাজনক কৰি তুলিব।"

আদালতৰ নিৰ্দেশ অনুসৰি ৰণবীৰে অনুমতি অবিহনে দেশৰ বাহিৰলৈ যাব নোৱাৰিব। উচ্চতম ন্যায়ালয়ে তেওঁৰ পাছপ’ৰ্ট জব্দ কৰাৰ নিৰ্দেশ দিয়ে।

দেশৰ বিভিন্ন ৰাজ্যত তেওঁৰ বিৰুদ্ধে দাখিল কৰা এফআইআৰসমূহ একেলগে ক্লাব কৰিব লাগে বুলি আদালতে কয়।

প্ৰাক্তন ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ পুত্ৰ তথা অধিবক্তা অভিনৱ চন্দ্ৰচুড়ে উচ্চতম ন্যায়ালয়ত ৰণবীৰৰ হৈ যুক্তি আগবঢ়ায়।

অভিনৱে কয় যে তেওঁৰ (ৰণবীৰ এলাহাবাদিয়া) উদ্দেশ্য আছিল হাস্যৰস আৰু আনৰ মৰ্যাদা বা আৱেগক আঘাত নিদিয়া। ন্যায়াধীশ সূৰ্য্যকান্তই তেওঁক তিৰস্কাৰ কৰি সুধিলে, “আপুনি শিল্পৰ নামত অনুজ্ঞাপত্ৰ পাইছেনে?” আপোনাৰ ভাষাটো আছিল গালি-গালাজ আৰু আপত্তিজনক।

ৰণবীৰৰ বক্তব্যক লৈ অসন্তুষ্টি প্ৰকাশ কৰি ন্যায়াধীশ সূৰ্য্যকান্তই অধিবক্তা অভিনৱক প্ৰশ্ন কৰে, আপত্তিজনক বক্তব্যৰ পক্ষ লৈছেনে? অভিনৱ চন্দ্ৰচুড়ে কয় যে এইটো একেবাৰেই নহয়। মই ব্যক্তিগতভাৱে কেৱল এনেবোৰ কথা ঘৃণা কৰো। ন্যায়াধীশ সূৰ্য্যকান্তই প্ৰশ্ন কৰে যে অশ্লীলতাৰ পৰিমাপ কি?

একে সময়তে যেতিয়া অভিনৱ চন্দ্ৰচুড়ে কয় যে ৰণবীৰ এলাহাবাদিয়ালৈ মৃত্যুৰ ভাবুকি আহিছে। এই সন্দৰ্ভত আদালতে কয় যে আইনখনে নিজৰ কাম কৰিব। আমি নিশ্চিত যে তেওঁ যদি নিজৰ বাবে নিৰাপত্তা বিচাৰে তেন্তে আৰক্ষীয়ে তেওঁক নিৰাপত্তা প্ৰদান কৰিব।

উল্লেখ্য যে মহাৰাষ্ট্ৰ, অসম আৰু জয়পুৰত ৰণবীৰৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে। আদালতে তদন্তত সহযোগ কৰিবলৈ ৰণবীৰক নিৰ্দেশ দিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?