--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পথ দুৰ্ঘটনাত ক্ৰিকেটাৰ ঋষভ পন্তৰ(Rishabh Pant) জীৱন ৰক্ষা কৰা যুৱকজনে প্ৰেমিকাৰ সৈতে বিষ সেৱন কৰে। ২৫ বছৰীয়া যুৱক ৰজত কুমাৰৰ ২১ বছৰীয়া মন্নু কাশ্যপৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল। চিকিৎসাৰ সময়ত প্ৰেয়সী মন্নু কাশ্যপৰ মৃত্যু হোৱাৰ বিপৰীতে ৰজত ৰুৰকিৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

ৰজত আৰু মন্নু দুয়োজনেই বিভিন্ন সম্প্ৰদায়ৰ আছিল, যাৰ বাবে তেওঁলোকৰ পৰিয়ালে তেওঁলোকৰ সম্পৰ্কত সন্মতি জনোৱা নাছিল। এই কাৰণে ছোৱালীজনীৰ বিয়াখন আন ঠাইত ঠিক কৰি দিলে পৰিয়ালৰ লোকে। সেয়ে এই প্ৰেমিকযুগলে বিষাক্ত পদাৰ্থ সেৱন কৰি নিজৰ জীৱন শেষ কৰিবলৈ চেষ্টা কৰিছিল।

২০২২ চনৰ ডিচেম্বৰ মাহত হৰিদ্বাৰৰ গুৰুকুল নৰছানত পথ দুৰ্ঘটনাত পতিত হোৱা বিখ্যাত ক্ৰিকেটাৰ ঋষভ পন্তৰ জীৱন ৰক্ষা কৰিছিল ৰজত আৰু তেওঁৰ গাঁৱৰ নিশু নামৰ আন এজন যুৱকে। তাৰপাছত কাৰখানাৰ পৰা নিজৰ গাঁৱলৈ উভতি আহোঁতে এই যুৱক দুজনে ঋষভ পন্তক দুৰ্ঘটনাগ্ৰস্ত হৈ জ্বলি থকা গাড়ীখনৰ পৰা উলিয়াই আনি চিকিৎসালয়লৈ লৈ গৈছিল, যাৰ বাবে ঋষভ পন্তই ৰজত আৰু নিশুক এখনকৈ স্কুটী উপহাৰ হিচাপে দিছিল।

তাৰপিছত পন্তই পিছত ৰজত আৰু নিশুক ধন্যবাদ জনাই এটা পোষ্ট দিছিল। পণ্টে লিখিছিল- মই সকলোকে ব্যক্তিগতভাৱে ধন্যবাদ দিব নোৱাৰিলোঁ, কিন্তু মোৰ দুৰ্ঘটনাৰ সময়ত মোক সহায় কৰা আৰু মই সুৰক্ষিতভাৱে চিকিৎসালয় পোৱাটো নিশ্চিত কৰা এই নায়ক দুজনৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিব লাগিব। ৰজত কুমাৰ আৰু নিশু কুমাৰ, ধন্যবাদ। মই আপোনালোকৰ ওচৰত সদায় কৃতজ্ঞ আৰু ঋণী হৈ থাকিম।

উল্লেখ্য যে ৰজত কুমাৰে প্ৰেমিকাৰ সৈতে বিহপান কৰা বিষয়ত আৰক্ষীয়ে এতিয়াও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণৰ অভিযোগ পোৱা নাই যদিও তথাপিও আৰক্ষীয়ে বিষয়টোৰ প্ৰতিটো দিশৰ পৰা তদন্ত কৰি আছে। আৰক্ষীয়ে কয় সমগ্ৰ বিষয়টোৰ ওপৰত গুৰুত্বসহকাৰে তদন্ত চলি আছে, যি প্ৰমাণ পোৱা যায় তাৰ ভিত্তিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব। আৰক্ষীয়ে সকলো দিশৰ তদন্ত অব্যাহত ৰাখিছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?