--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাতৰিৰ শিৰোনামাত আছে জনপ্ৰিয় কণ্ঠশিল্পী চনু নিগম। কোনো নতুন গানৰ কাৰণে তেওঁ শিৰোনাম দখল কৰা নাই, এগৰাকী ৰাজনীতিবিদৰ ওপৰত ক্ষোভ উজাৰি সংবাদ শিৰোনাম দখল কৰিছে চনু নিগমে। সাহস আৰু স্বাভিমানৰ বলত চনু নিগমে সমাজলৈ প্ৰেৰণ কৰিলে এক বাৰ্তা।

তেওঁ এটা ভিডিঅ’ শ্বেয়াৰ কৰি একাংশ ৰাজনীতিবিদক এক বিশেষ অনুৰোধ কৰিছে। তেওঁ কয় যে শেহতীয়াকৈ ৰাজস্থানৰৰ জয়পুৰৰ চনু নিগমৰ কনচাৰ্টত মুখ্যমন্ত্ৰী ভজন লাল শৰ্মাই শ্ব’ চলি থাকোতেই তাৰ পৰা গুচি গৈছিল আৰু চনু নিগমে সেই কথা ভাল নাপালে। তেওঁ অনুৰোধ জনায় যে যদি তেওঁ মাজতে শ্ব’ এৰিবলগীয়া হয় তেন্তে তেওঁ শ্ব’টোত একেবাৰেই উপস্থিত থকা উচিত নহয়।

ভিডিঅ’টোত চনু নিগমে কৈছিল- ‘ৰাজস্থানৰ জয়পুৰত মোৰ শ্ব’ আছিল। বৰ ভাল আছিল, বহুত ভাল মানুহ আহিছিল। ৰাজস্থানৰ গৌৰৱ বৃদ্ধিৰ বাবে চুক-কোণৰ ​​পৰা প্ৰতিনিধি আহিছিল।ৰাজস্থানৰ মুখ্যমন্ত্ৰীৰ লগতে ক্ৰীড়া মন্ত্ৰীও আছিল। বহুত মানুহ আছিল অনুষ্ঠানটোত। আন্ধাৰত সকলোকে দেখাও নাপালোঁ, মানুহ বেছি আছিল। কিন্তু শ্ব’টোৰ মাজতে দেখা পালোঁ মুখ্যমন্ত্ৰী ছাৰ আৰু আন মানুহবোৰ উঠি গুচি গ’ল। তেওঁ যোৱাৰ লগে লগে সকলো প্ৰতিনিধিও গুচি গ’ল।

চনুৱে লগতে কয়- 'সকলোকে অনুৰোধ জনালোঁ যে আপোনালোকে যদি শিল্পীক সন্মান নকৰে তেন্তে বাহিৰৰ মানুহে কি সন্মান কৰিব।' আমেৰিকাত যেতিয়া কোনোবাই অনুষ্ঠান পৰিৱেশন কৰি থাকে তেতিয়া তাত থকা ৰাষ্ট্ৰপতিগৰাকী হঠাতে উঠি গুচি যোৱা কেতিয়াও দেখা পোৱা নাই। তেওঁ কোনো কথা কৈ যাব বা ইংগিত দি যাব। যদি আপোনালোকে উঠি যাবই লাগে, তেন্তে হয় নাহিব নহয় শ্ব’ আৰম্ভ হোৱাৰ আগতেই গুচি যাব।

আৰু চনুৱে কয়- ‘যিকোনো শিল্পীৰ অনুষ্ঠান চলি থকাৰ মাজতে উঠি গুচি যোৱাটো সৰস্বতীৰ অপমান। চনু নিগমে ভিডিঅ'টোৰ কেপচনত লিখিছে - ভাৰতৰ সকলো ৰাজনীতিবিদকে অনুৰোধ কৰিলো যে কোনো শিল্পীৰ অনুষ্ঠানত উপস্থিত নাথাকিব যদিহে মাজতে এনেকৈ উঠি যাবলগীয়া হয়। এয়া শিল্প, শিল্পী আৰু মা সৰস্বতীৰ প্ৰতি অসন্মান।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?